নগাঁও

বেবেজীয়াৰ ঐতিহ্যমণ্ডিত গৰখীয়া থানত দৌল উৎসৱৰ আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ ,বেবেজীয়া : নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত বিগত বছৰসমূহৰ দৰে এইবছৰো অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে । ইতিমধ্যে থান পৰিচালনা আৰু উৎসৱ উদযাপন সমিতিয়ে দৌল উৎসৱৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।

উল্লেখ্য যে ১৯৯৩ চনৰে পৰা ধাৰাবাহিকভাৱে উদযাপন কৰি অহা সাৰ্বজনীন গৰখীয়া থানৰ দৌল উৎসৱে চলিত বৰ্ষত ৩০সংখ্যক বৰ্ষত পদাৰ্পণ কৰিছে । ৩৫৫ বছৰীয়া ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ কাৰ্যসূচী অনুসৰি অহা ৬ মাৰ্চত পুৱা পৰিৱেশ নিকাকৰণ,গছ পুলি ৰোপনৰ অন্তত থানৰ ধৰ্মধ্বজা উত্তোলন,স্মৃতি তৰ্পন,দান বৰঙণি- শৰাই-সফুঁৰা গ্ৰহণ,সোঁৱৰণি তোৰণ উন্মোচন,কীৰ্তন পাঠ,দুপৰীয়া প্ৰসংগ,নৱ নিৰ্মিত কাৰ্যালয়ৰ দ্বাৰ আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰা হ'ব বুলি সমিতিয়ে জানিবলৈ দিয়ে ।

বিয়লি শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতাৰ অন্তত সমূহীয়া বন্তি প্ৰজ্বলন আৰু সন্ধ্যা প্ৰসংগৰে দিনটোৰ কাৰ্যসূচীৰ সামৰণি মৰা হ'ব । ৭ মাৰ্চত পুৱা দৌল মন্দিৰত দৌল ধ্বজা উৰণ,মণিকূট-বন্তি প্ৰজ্বলনৰ পাছত অঞ্চলৰ ২৯গৰাকী নামঘৰৰ বিষয়-ববীয়াই ধৰ্ম ধ্বজা আৰু জলচী লৈ উৎসৱ স্থলীলৈ যাত্ৰা কৰাৰ অন্তত ৩০খনি ধৰ্মধ্বজা উত্তোলনৰ পাছতে গোঁসাই স্নান-স্থাপন আৰু ভকতক নিৰ্মালী প্ৰদান কৰা হ'ব । অনুষ্ঠানত মুখ্য অতিথি ৰূপে স্বাস্থ্য মন্ত্ৰী আৰু বিশিষ্ট অতিথি ৰূপে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে উপস্থিত থাকিব ।

ইয়াৰ পাছতে খোল-নাম প্ৰসংগ, আপ্যায়ণ,বিয়লি আমন্ত্ৰিত নামতিৰ দ্বাৰা দিহানাম পৰিৱেশন আৰু বন্তি প্ৰজ্বলন কৰা হ'ব । সন্ধ্যা যোৰা পৰিবেশনৰ অন্তত সম্বৰ্দ্ধনা,সাহাৰ্য প্ৰদান আৰু শৈক্ষিক বঁটা প্ৰদান ।

নিশা দলৈগাঁও আৰু ন দলৈ গাঁৱৰ মহিলা শিল্পীসকলৰ দ্বাৰা "মচুকুণ্ড ৰজাৰ কৃষ্ণ দৰ্শন" ভাওনাখনি মঞ্চস্থ কৰা হ'ব । ভাওনাখনি উদ্বোধন কৰিব বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই ।

৮ মাৰ্চত পুৱা পৱিত্ৰ হোলী খেলাৰ অন্তত কীৰ্তন পাঠ,প্ৰসংগ,বিয়লি দিহানাম পৰিবেশন,সন্ধ্যা প্ৰসংগ আৰু আদৰণি-সম্বৰ্ধনা অনুষ্ঠান । নিশা মৰিগাঁৱৰ দক্ষিণ বাৰপূজীয়া জনজাতীয় লোকবাদ্য দলে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব ।

৯ মাৰ্চত পৰিবেশন নিকাকৰণৰ অন্তত অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ময়ূৰ পংখী ৰথত দৌল গোবিন্দ গোঁসাইক ভ্ৰমণ কৰোৱা হ'ব । ইয়াৰ পাছতে কীৰ্তন পাঠ আৰু ধৰ্মধ্বজা অৱনমন-সমূহীয়া ঘোষাৰে দৌল উৎসৱৰ সামৰণি মৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে ।

উল্লেখ্য যে ৩০সংখ্যক দৌল উৎসৱৰ লগত সংগতি ৰাখি ৬মাৰ্চৰ বিয়লি আয়োজিত শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ১০০টকা । প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত তিনিগৰাকী প্ৰতিযোগীক ক্ৰমে ৩০০১,২০০১ আৰু ১০০১টকাৰে পুৰস্কৃত কৰা হ'ব । সবিশেষ জানিবৰ বাবে ৭০০২৬৯২৮৬৮ নাইবা ৯৩৬৫০৮০২৮৫ নম্বৰত যোগাযোগ কৰিবলৈ জনায় ।