নগাঁও

সাতামপুৰুষীয়া পৰম্পৰাক সৰোগত কৰি বটদ্ৰৱাৰ কুজি সত্ৰত ভেলাঘৰ নিৰ্মাণ

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বাপতি সাহোন মাঘ বিহু সমাগত। এই হেঁপাহৰ মাঘ বিহুলৈ মাজত মাথোঁ কেইটিমান দিন বাকি থকা অৱস্থাত সমগ্ৰ ৰাজ্যত বিহুৰ মেজি আৰু ভেলাঘৰ সজাত ব্যস্ত হৈ পৰিছে গঞা ৰাইজ।

ভিন্ন প্ৰান্তত ভিন্ন সাংস্কৃতিক পৰম্পৰাৰে এই ভেলাঘৰ সজা হয়। তাৰেই এক ব্যতিক্ৰমী ৰূপ দেখা গৈছে, বটদ্ৰৱা আৰু ইয়াৰ নিকটতম সত্ৰ সমূহত। বটদ্ৰৱাৰ কুজি সত্ৰত সত্ৰৰ সত্ৰাধিকাৰ, ভকত বৈষ্ণৱ আৰু আইমাতৃ সকল সমবেত হৈ পৰম্পৰাগত ভেলাঘৰ নিৰ্মান কৰিছে। সাতামপুৰুষীয়া পৰম্পৰাক সৰোগত কৰি কুজি সত্ৰত আধ্যাত্মিক পৰিবেশৰ মাজেৰে হৰিনাম কীৰ্তন কৰি ভেলাঘৰ সজা নান্দনিক পৰিবেশ সৃষ্টি হৈছে।