নগাঁও

নগাঁৱত বলিউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ : জুতি ল'লে থলুৱা খাদ্যৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : বুধবাৰে নগাঁৱত হঠাৎ উপস্থিত হয় বলিউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ। নগাঁও বাইপাচৰ হোটেল ৰিফেচক'ত উপস্থিত হয় বলিউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ।

পৰ্যটক হিচাপে অসমলৈ অহা অনিল কাপুৰে শেহতীয়াকৈ "এনিমেল"নামৰ ছবিখনৰ বক্স অফিচত সফলতাৰ পাছত নগাঁৱৰ ৰিফেচক'ৰ "অপেৰা" চিনেমা হলত ভূমিকা মাৰে। তাৰোপৰি তেওঁ থলুৱা খাদ্যৰ জুতি লয়।

বলিউডৰ অভিনেতাগৰাকীৰ আগমনক লৈ বাইপাচৰ হোটেল ৰিফেচক'কত অনুৰাগীয়ে ভিৰ কৰে। আনন্দত আত্মহাৰা হৈ পৰা অনুৰাগীসকলে অভিনেতাগৰাকীক ওচৰৰ পৰা চোৱাৰ হেপাঁহেৰে ভিৰ কৰে ৰেষ্টুৰেণ্টখনত।