নগাঁও

বটদ্ৰৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক অসীম বৰাৰ নেতৃত্বত চলিছিল এই অভিযান । বটদ্ৰৱা থানাৰ অন্তৰ্গত ধনীয়াভেটি গাঁৱত অভিযান চলাই আটক ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত চাৰিজনকৈ লোকক । আটকাধীন লোক কেইজন বটদ্ৰৱা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে

ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা ১৫ টা টেমাত ৯.৯৬ গ্ৰাম পৰিমাণৰ ড্ৰাগছসহ AS02Z 8984 মাৰুতি চুজুকী বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয় । ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটা ধনীয়াভেটি গাঁৱৰ মোশ্বাৰফ আলী, ছাদ্দাম হুছেইন, ছিদ্দিকুৰ ৰহমান আৰু ভকত গাঁৱৰ আকবৰ আলী বুলি জানিব পৰা গৈছে ।