নগাঁও

মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মৰিকলঙৰ এটা পৰিয়ালে...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে নগাঁও জিলাৰ মৰিকলঙৰ টংকেশ্বৰ শইকীয়াৰ পৰিয়ালে। এটি শিশু লগুৱা বুলিলেই অত্যন্ত কামৰ বোজা, সৰু কথাতেই গালি-গালাজ পাৰি কাম কৰোৱাব খুজে বহুতেই । কিন্তু তাৰ বিপৰীতে মৰম-চেনেহৰ মাজেৰে নিজৰ নাতি-নাতিনীৰ দৰে ডাঙৰ দীঘল কৰিলে কাৰ্বি আংলঙৰ ভকচংৰ ৰাজু চেনাৰক ।

একেবাৰে কণমানি অৱস্থাতে অসমীয়া ভাষাটো শিকাৰ স্বাৰ্থতে আন এজন বয়স্কৰ লগত গুৱাহাটী পাইছিলগৈ ৰাজু চেনাৰ । পাছত ঘটনাক্ৰমে গুৱাহাটী মহানগৰীত থিতাপি লব নোৱাৰি নগাঁৱলৈ আহি অনাই-বনাই ঘূৰি ফুৰোতে এদিন চহৰৰ কোনো এক স্থানত লগ পালে মৰিকলং নিবাসী টংকেশ্বৰ শইকীয়াৰ বৰপুত্ৰ ৰাজকমল শইকীয়া (পাপু)ই ।

তেতিয়া প্ৰথমে ঘৰৰ ইটো-সিটো সৰু সুৰা ঘৰুৱা কামতে লগাব বুলি কণমানি ল'ৰাটো নিজৰ ঘৰলৈ লৈ আনিলে তেওঁ ৷ তাৰ পিছৰখিনি এক মিঠা স্মৃতি মাথোঁ ৷ ভকচংৰ এটি অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃ বাৰিক চেনাৰ আৰু মাতৃ কাবেই ক্ৰপিৰ তৃতীয় সন্তান ৰাজুক পিতৃ-মাতৃৰ বন্ধনেৰে সাৱটি ললে ।

পিছলৈ তাৰ ব্যৱহাৰত সুখী হৈ ওচৰৰে টাউন কছলুখোৱা নিম্ন বুনিয়াদী বিদ্যালয়ত নামটো লগাই দিলে মৰিকলং নিবাসী টংকেশ্বৰ শইকীয়াৰ পৰিয়ালে । সেই ৰাজু বছৰ বাগৰি যোৱাৰ লগেলগে মেট্ৰিকৰ ফলাফলত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ দুই পৰিয়াললৈ আনন্দ বোৱাই কলেজত নাম ভৰ্তি কৰিবলৈ লৈছে ।

গান গায় গীতাৰ বজাই ভাল পোৱা ৰাজু সম্পৰ্কত দ্বিতীয় পিতৃ-মাতৃ টংকেশ্বৰ শইকীয়া আৰু বন্তি শইকীয়াই কয় "সি পঢ়িম বুলি ভবালৈকে আমিও পঢ়াই থাকিম বুলি ভাবিছোঁ আৰু সি আমাক নেৰিলে তাকো আমি নেৰো বুলি ভাবিছোঁ ৷ এতিয়া সকলো তাৰ ওপৰতেই নিৰ্ভৰ কৰিব ৷ সি পঢ়ি শুনি এদিন ভাল মানুহ হব পাৰিলেই আমি সুখী হম"।

সমগ্ৰ মৰিকলং অঞ্চলৰ ৰাইজে এই আদৰ্শ দম্পতীৰ দায়িত্ববোধক একমুখে শলাগ লৈছে । সচেতন মহলত এতিয়া এটাই কথা বিশেষকৈ চৰ্চা হৈছে যে মানৱীয়তা এতিয়াও সমাজৰ পৰা শেষ হৈ যোৱা নাই ৷ সমাজত এনেদৰেই মানৱীয়তা যুগেযুগে জীয়াই থাকিব ৷