representative image of Nogaon police 
নগাঁও

চোৰাং গো-ধন সৰবৰাহৰ বাহন মোকলাবলৈ আহি আৰক্ষীৰ জালত এজন

Asomiya Pratidin

ডিজিটেল সংবাদ , নগাঁও : চোৰাং গো-ধন সৰবৰাহত ব্যৱহাৰ কৰা বাহন মোকলাই নিবলৈ আহি এজন বাহনৰ স্বত্বাধিকাৰী আৰক্ষীৰ জালত পৰা ঘটনাই নগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে।আৰক্ষীৰ জালত পৰা লোকজন হৈছে জিলাখনৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত  কাৱৈমাৰীৰ গুলজাৰ হুছেইন।

চামগুৰি আৰক্ষী থানাত চোৰাং গো-ধন সম্পৰ্কীয়  ১৫০ /২৩ নম্বৰৰ এক গোচৰ ৰুজু হৈছে।এই গোচৰত  চোৰাং গো-ধন সৰবৰাহত ব্যৱহাৰ কৰা বাহন মোকলাবলৈ গুলজাৰ হুছেইন নগাঁও আৰক্ষীৰ কাষ চাপিছিল।

আৰক্ষীক মেনেজ কৰি জব্দ কৰা বাহন মোকলাই নিয়াৰ বাবে আৰক্ষীক উৎকোচ দিব বিচাৰোতেই নগাৱৰ আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ তৎপৰতাত আৰক্ষীয়ে গুলজাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ কৰা গুলজাৰ হুছেইনক পিছত অধিক তথ্য আহৰণৰ বাবে চামগুৰি আৰক্ষী থানালৈ প্ৰেৰণ কৰে। সম্প্ৰতি চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে গুলজাৰক জেৰা অব্যাহত ৰাখিছে।