ভাগৱত শোভাযাত্রা
ভাগৱত শোভাযাত্রা 
নগাঁও

শ্ৰী শ্ৰী নৰোৱা কুঁজিসত্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাগৱত শোভাযাত্রা...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী নৰোৱা কুঁজি সত্ৰত উদুলি-মুদুলি পৰিৱেশ ।

ঐতিহ্যমণ্ডিত কুঁজি সত্রত ছয় দিনীয়াকৈ অনুষ্ঠিত হোৱা কুজিসত্ৰৰ ৩৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শনিবাৰে অন্তিম দিনৰ দিনটোত কুঁজি সত্ৰৰ চৌদিশে ভাগৱত শোভাযাত্রা কৰা হয় ।

এই শুভাযাত্ৰাত সত্ৰৰ শিশুৰ পৰা বয়োজ্যেষ্ঠ আইমাতৃৰ লগতে উপস্থিত থাকে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস । জাতীয় সাজ পৰিধান কৰি সত্ৰত উপস্থিত হৈ অৰক্ষী অধীক্ষক গৰাকীয়ে শুভ উদ্বোধন কৰে ভাগৱত শোভাযাত্রাৰ ।

শোভাযাত্রা

নগাওঁ আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী নৰোৱা কুঁজি সত্ৰৰ ৩৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰাচীন সত্ৰ খনত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে ১৬৫০ খ্ৰীষ্টাব্দত শংকৰদেৱ গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই বৰদোৱা উদ্ধাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ নদীয়েদি উজাই আহি শ্ৰী শ্ৰী নৰোৱা কুজি সত্ৰ প্ৰতিষ্ঠা কৰিছিল ।