নগাঁও

নগাওঁত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ , বেবেজীয়াঃ সমগ্র দেশৰ লগতে নগাঁও জিলাতো ১৯ ৰ পৰা ২৪ জানুৱাৰীলৈকে ছদিনীয়াকৈ উদযাপন কৰা হ'ব ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। জিলা মহিলা আৰু শিশু বিকাশ বিভাগ নগাঁৱৰ উদ্যোগত তথা নগাঁও প্রশাসন আৰু বিভিন্ন চৰকাৰী বে-চৰকাৰী বিভাগৰ সহযোগত আৰু জিলা সবলীকৰন কেন্দ্ৰৰ কাৰিকৰি সহায়ত 'ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস, ২০২৪' উপলক্ষে বিভিন্ন কার্যসূচী ৰূপায়ণ কৰিবলৈ প্রস্তুতি চলোৱা হৈছে।

উক্ত সময়ছোৱাত শপত বাক্য পাঠ, হস্তাক্ষৰ কাৰ্যসূচী, বেটি বচাও বেটি পঢ়াও বিষয় বস্তুৰ ওপৰত বিদ্যালয়সমূহত চিত্রাংকন প্রতিযোগিতা, বাল্য বিবাহ ৰোধৰ ওপৰত গাঁও পঞ্চায়ত পর্যায়ত সজাগতা সভা, ৰক্তহীনতাৰ ওপৰত সজাগতা, মাহেকীয়া ঋতুস্ৰাৱৰ ওপৰত সজাগতা, সখী একক অৱস্থান কেন্দ্র, শক্তি সদন, পিচিপিএনডিটি আইন ইত্যাদিৰ ওপৰত বিভিন্ন ধৰণৰ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।

ইয়াৰ উপৰিও ২৪ তাৰিখে জিলা পৰ্যায়ত এখন মাতৃ কিশোৰী মেলা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত হ'ব , য'ত বিভিন্ন বিভাগে মহিলা আৰু ছোৱালীৰ বাবে উপলব্ধ নিজ নিজ আঁচনি আৰু সেৱাসমূহ প্ৰদৰ্শন কৰিব।