নগাঁও

কঠীয়াতলীত নিচাজাতীয় সামগ্ৰী জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ : নগাঁও জিলাৰ কঠীয়াতলীত মঙলবাৰে নিশা বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰে। কঠীয়াতলী আৰক্ষী আৰু নগাঁৱৰ এছ বি শাখাৰ সহযোগত এজন লোকসহ ৪৬ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয়। 

এইখনিতে উল্লেখ কৰা প্ৰয়োজন যে AS 12 AG 2852 নম্বৰৰ আল্ট্ৰা বাছত আনিছিল ড্ৰাগছখিনি ৷ ধৃত সৰবৰাহকাৰীটো নগাঁৱৰ মাইনুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ৷

বৰ্তমান কঠীয়াতলী আৰক্ষীৰ জিম্বাত ড্ৰাগছসহ ধৃত সৰবৰাহকাৰীজনক আটক কৰি ৰখা হৈছে। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১ কোটি টকা হ'ব বুলি জানিব পৰা গৈছে।