নগাঁও

পুলিচৰ ভয়ত ডেৰ ঘন্টা ধৰি পানীৰ মাজতে লুকাই থাকিল চোৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চোৰে বিভিন্ন সময়ত চুৰ কৰিবলৈ বিভিন্ন পন্থা হাতত লয় । যিবোৰে কাণ্ডই হততে ৰাইজক হাঁহিৰ উপৰিও চিন্তা খোৰাক জোগাই । কেতিয়াবা যদি চোৰে চুৰি কৰি ৰান্ধি বাঢি খাই যোৱা খবৰ আহে, কেতিয়াবা আকৌ বাহন চুৰ কৰি গৃহস্থলৈ বুলি লিখি থৈ যায় এখন চিঠি । য’ত লিখা থাকে তিনি দিনৰ ভিতৰত ঘূৰাই পাব গাড়ী ।

পিছে এইবাৰ আকৌ চোৰে নিজক বচাবলৈ যি ঘটনা ঘটাইছে কাণ্ড দেখি সকলোৰে হতবাক হৈছে । আৰক্ষীৰ পৰা বাচিবলৈ চুৰে ডেৰ ঘন্টা জুৰি লুকাই থাকিল মেটেকাৰ মাজত ।

এই ঘটনা সংঘটিত হৈছে নগাঁৱত । জিলাখনৰ মৰিকলং বাছ ষ্টেণ্ডৰ পিছফালে থকা এটা মেটেকা ভৰ্তি পুখুৰীত জপিয়াই দিয়ে । আৰক্ষীৰ জিম্মাৰ পৰা শনিবাৰে পুৱা পলায়ন কৰিছিল ফিৰোজ খান নামৰ অভিযুক্তজনে ।

শুকুৰবাৰে নিশা নগাঁৱৰ বৰবজাৰৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰিছিল অভিযুক্ত চোৰটোক । শনিবাৰৰ দিনটোতে পুখুৰীৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।