নগাঁও

নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰক্ষী নিবেশ খেলপথাৰত মুকলি বিহু

Asomiya Pratidin

ডিজিটেল সংবাদ ,নগাঁও : সদৌ নগাওঁ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বুধবাৰে বিয়লি মুকলি বিহু প্ৰদৰ্শন কৰা হয়। নগাঁও চহৰৰ আৰক্ষী নিবেশ খেলপথাৰত অনুষ্ঠিত মুকলি বিহু প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

মুকলি বিহু প্ৰদৰ্শন অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই। নিজৰ উদ্বোধনী ভাষণত ছাত্ৰ নেতা গৰকীয়ে কয় যে নগাঁও জিলাৰ এক গৰিমা আছে। নগাঁৱৰ ইতিহাস অবিহনে অসম তথা উত্তৰ পূবৰ ইতিহাস সম্পূৰ্ণ নহয়। বিভিন্ন জাতি জনগোষ্ঠীৰ সমিল মিলেৰে অসমীয়া জাতি গঠন হৈছে। সকলো জাতি জনগোষ্ঠীৰ উপাদানসমূহক আগুৱাই নি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক অধিক সুদৃঢ় কৰিব লাগিব।

লগতে কয় বিহুৰ লগত সংস্কৃতিৰ সম্পৰ্কক গুৰুত্বপূৰ্ণ যদিও অৰ্থনৈতিক দিশটো আগুৱাই নিব লাগিব। অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিলেহে জাতি শক্তিশালী হ'ব। বিহুৰ লগত খেতি পথাৰ,কৃষক ,তাঁতশাল,শিপিনীৰ সম্পৰ্ক আছে বুলি সভাপতি শৰ্মাই মন্তব্য কৰে।

বিহু উৎসৱৰ বিভিন্ন দিশ ব্যাখ্যা কৰি ছাত্ৰ নেতাগৰকীয়ে কয় যে বিহু সংগ্ৰামী চেতনাৰ প্ৰতীক। জাতীয় জীৱনৰ সন্ধিক্ষণৰ সময়তে আমি আমাৰ জাতীয় চেতনাক জাগৃত কৰিব লাগিব। ভাষণ প্ৰসঙ্গত শৰ্মাই চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি জাতিটোক কৰ্ম বিমুখিতাৰ দিশলৈ লৈ যাব বিচাৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

সামগ্ৰীৰ মূল্য বৃদ্ধি,টোলগেটৰ মূল্য বৃদ্ধি,বিদ্যুৎ মাচুল বৃদ্ধি আদিৰ প্ৰসঙ্গ উল্লেখ কৰি মূল্যবৃদ্ধিকে ধৰি বিভিন্ন সমস্যাৰ সন্দৰ্ভত ছাত্ৰ সন্থাৰ কৰণীয় দিশসমূহৰ পৰামৰ্শ ৰাইজৰ পৰা বিচাৰে। বিদ্যালয়সমূহত অসমীয়া ভাষা সুৰক্ষিত কৰা,মূল্যবৃদ্ধিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত বিহুৰ পিছৰ পৰাই সৰ্বাত্মক আন্দোলন গঢ়ি তোলা হ'ব বুলি ছাত্ৰ নেতাগৰাকীয়ে ঘোষণা কৰে।

অনুষ্ঠানতে কেবাগৰাকী বিশিষ্ট লোকক সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। মৰিগাঁও জিলাৰ বিহু-হুঁছৰি দলৰ হুঁচৰি প্ৰদৰ্শনৰে মুকলি বিহুৰ শুভাৰম্ভ কৰা হয়। জিলা ছাত্র সন্থাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থাৰ বিহু দলৰ শিল্পীসকলে মুকলি বিহু প্ৰদৰ্শন কৰি এক উখল মাখল পৰিবেশৰ সৃষ্টি কৰাৰ লগতে দৃষ্টি নন্দন পৰিবেশ গঢ়ি তোলে।

অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মৃদুল হাজৰিকা, কাৰ্যনিৰ্বাহক সদষ্য গৌৰীশংকৰ শইকীয়া ,নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰা, সাধাৰণ সম্পাদক কংকন জ্যোতি বৰুৱাকে ধৰি সন্থাৰ বিষয় ববীয়া, সমৰ্থক ,বিশিষ্ট নাগৰিকসকলে অংশগ্ৰহণ কৰে।