নগাঁও

নগাঁৱত অচল হ'ল প্ৰশাসন...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ অচল হ’ল নগাঁৱত প্ৰশাসন যন্ত্ৰ ৷ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল চৰকাৰী কৰ্মচাৰী ৷ সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে নগাঁৱৰ বিভিন্ন কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে৷

নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ ওচৰত দিনৰ ১১বজাৰ পৰা অবস্থান ধৰ্মঘটত বহে কৰ্মচাৰীসকল ৷ বিশেষকৈ নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীতে কৰ্মচাৰীসকল ৩ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।