নগাঁও জিলা কবি সন্মিলনৰ কবি মেল
নগাঁও জিলা কবি সন্মিলনৰ কবি মেল 
নগাঁও

নগাঁও জিলা কবি সন্মিলনৰ কবি মেল সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : অসম কবি সন্মিলনৰ নগাঁও জিলা শাখাৰ উদ্যোগত নগাঁও পেন্সনাৰ সংস্থা ভৱনত সোমবাৰে কবি মেল অনুষ্ঠিত হয়। নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট সাহিত্যিক, কবি তথা নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ মঞ্জু লস্কৰে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

তেওঁ কবিতা সম্পৰ্কে বিষদ ব্যাখ্যা দাঙি ধৰাৰ লগতে যিসকল কবিয়ে নতুনকৈ কবিতাৰ পথাৰখনত খোজ কাঢ়িবলৈ লৈছে তেওঁলোকক গভীৰভাৱে অধ্যয়ন কৰিবলৈ আহ্বান জনাই এটা কবিতা পাঠেৰে কবি মেলখনৰো আনুষ্ঠানিকভাৱে মুকলি কৰে। হোজাই ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ড০ ঘনকান্ত শইকীয়াই সঞ্চালনা কৰা কবি মেলখনত সাহিত্যিক পেন্সনাৰ, কবি-সাহিত্যিক পৰাণ কুমাৰ বৰুৱা, অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্ৰিদীব লস্কৰ, ৰণাংগনৰ সম্পাদক মিণ্টু দাস, শৰৎ চন্দ্ৰ গোস্বামী, ডঃ ৰুবা ফুকন, ডঃ কৰৱী দেৱী, বিচিত্ৰ নাৰায়ণ বৰা, প্ৰদীপ কুমাৰ শইকীয়া, চন্দ্ৰ শইকীয়া, নিলোৎপল চাংমাই প্ৰমুখ্যে প্ৰায় অৰ্ধ শতাধিক নবীন প্ৰবীণ কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰে।

কবি মেলৰ অনুষ্ঠানতে ন-লেখিকা অনামিকা দেৱীৰ " এটা হেৰাই যোৱা হাঁ‌হি" শীৰ্ষক কবিতা পুথিখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক-কবি দুলাল চন্দ্ৰ দাসে আৰু "বন্ধুত্বৰ মাজেৰে প্ৰেমৰ সুবাস" শীৰ্ষক গল্প সংকলনখন বিষয় শিক্ষয়িত্ৰী, কবি দীপ্তি বৰাই উন্মোচন কৰে।

অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে বিশিষ্ট কবি তথা অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক অভয় বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ উপৰি বন্তি প্ৰজ্বলনেৰে ডঃ মঞ্জু লস্কৰে অনুষ্ঠান মুকলি কৰে। নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক বিচিত্ৰ নাৰায়ণ বৰাই আঁ‌ত ধৰা অনুষ্ঠানতে নগাঁও জিলা শাখাৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়।