নগাঁও

মধ্য অসমৰ পৰা পাকিস্তানলৈ জেহাদীৰ নেটৱৰ্ক, গ্ৰেপ্তাৰ কেইবাজনো

Asomiya Pratidin

ডিজিটেল ডেস্ক: দেশৰ অনুসন্ধানকাৰী সংস্থা আৰু অসম আৰক্ষীৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে ৰাজ্যৰ দুই বিশেষ স্থান মধ্য অসমৰ নগাঁও জিলাৰ ধিং আৰু মৰিগাঁও জিলাৰ মৈৰাবাৰীক লৈ চিন্তিত গৃহ বিভাগ ৷

 নগাঁও আৰক্ষীৰ জিম্মাত থকা পাঁচ জেহাদীয়ে আগবঢ়াইছে বিষ্ফোৰক ভাষ্য ৷ ধিং আৰু মৈৰাবাৰীৰ হৈ পৰিছে ৰাজ্যৰ চাইবাৰ ক্ৰাইমৰ হাব ৷ ইয়াৰ পৰাই দীৰ্ঘদিন ধৰি পাকিস্তানী চোৰাংচোৱাক ম’বাইলৰ ই-ছিম  যোগানৰ সন্দেহ৷ সিমানে নহয় অভিযোগ অনুসৰি মৈৰাবাৰী ,ধিঙৰ বিভিন্ন কম্পিউটাৰ চেন্টাৰৰ পৰা সংঘটিত কৰি অহা হৈছে  চাইবাৰ ক্ৰাইমৰ অপৰাধ৷

 কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা নিয়াৰ তথ্যৰ ভিত্তিত অসম আৰক্ষীয়ে পাঁচজনকৈ  পাকিস্তানী এজেন্টক নগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত পুনৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে৷

পাকিস্তানী চোৰাংচোৱাৰ হৈ এই দুই যুৱকে কাম কৰিছিল নে নাই সেই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে নতুন কৈ গ্ৰেপ্তাৰ কৰা যুৱক দুজন হৈছে ইজাজুল হক আৰু নুৰ ইছলাম ৷ দুয়োৰে ঘৰ মৈৰাবাৰীত৷ ইজাজুল আৰু নুৰ মৰিগাঁও আৰক্ষীৰ জিম্মাত আছে ৷

 নগাঁও জিলাৰ টুকটুকী , ৰৌমাৰী , জুৰীয়া উদমাৰীৰ , মৰিগাঁৱৰ মৈৰাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা পাঁচ সন্দেহয়ুক্ত জেহাদীক নগাঁও সদৰ থানাত মাৰথান জেৰা কৰি থকা হৈছে ৷ ৱাহিদুৰ জামান , বদৰুদ্দিন , মিজানুৰ ৰহমান , আছিকুল ইছলাম , বাহাৰুল ইছলামক আৰক্ষীয়ে চাৰি দিন জিম্মাত ৰাখি জেৰা চলাই আছে ৷ আৰক্ষীৰ মতে বাহাৰুল ইছলাম আৰু আছিকুল ইছলাম হৈছে মাষ্টাৰমাইণ্ড ৷

 অভিযোগ মতে পাকিস্তানী চোৰাংচোৱাক বৃহৎ ধনৰ বিনিময়ত এই দলটোয়ে ই-ছিম যোগান ধৰিছিল ৷ লগতে যোগান ধৰিছিল প্ৰয়োজনীয় অ’টিপি। ই-ছিম অথবা ডিজিটেল ছিম যোগান ধৰাৰ লগতে দেশৰ গোপন তথ্য যোগানৰ দৰে দেশদ্ৰোহৰ দৰে কাৰ্যৰে জৰিত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে