নগাঁও

টকাৰ সলনি পাথৰ! নগাঁৱত যুৱকক প্ৰৱঞ্চনা কৰা ভণ্ড বাবাক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও: নগাঁৱৰ এজন যুৱক বহি: ৰাজ্যৰ পৰা অহা এজন ভণ্ড বাবাৰ প্ৰৱঞ্চনাৰ বলি হ'ব লগা হয়। নগাঁও চহৰৰ ইলিয়াছ নামৰ যুৱকজনক সোমবাৰে এজন বাবাই নগাঁও চহৰত লগ পাই যুৱকজনৰ লগত থকা এঘাৰ হেজাৰ টকা তেওঁৰ হাতৰ মুঠিত ৰাখিবলৈ কয়।

পাচত বাবাজনে ইলিয়াছৰ চকুত চকু ৰাখি যুৱকজনক সন্মোহিত কৰি তেওঁৰ হাতৰ পৰা এঘাৰ হেজাৰ টকা লৈ উধাও হয়। ইপিনে পিছত ইলিয়াছে হাতৰ মুঠিটো খোলাত টকাৰ পৰিৱৰ্তে এটা ক'লা পাথৰহে দেখিবলৈ পায়।

এই ঘটনাৰ পিছত নিশা ইলিয়াছ আৰু তেওঁৰ এজন বন্ধুৱে ভণ্ড বাবাজনক মৰিকলং অঞ্চলত প্ৰত্যক্ষ কৰে। দুয়ো বন্ধুৱে মিলি ভণ্ড বাবাজনক কৰায়ত্ত কৰি আৰক্ষীক খবৰ দিয়ে। পাচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভণ্ড বাবাজনক আটক কৰে । আৰক্ষীয়ে আটক কৰা ভণ্ড বাবাজন উত্তৰ প্ৰদেশৰ গোপাল দাস বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে তেওঁক সোধপোছ অব্যাহত ৰাখিছে ৷

আৰু পঢ়ক: ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চলত মন্দিৰ, গীৰ্জা সহ ৯০ টা বাসগৃহ উচ্ছেদ