নগাঁও

"নগাঁও জিলা জাতীয় বিদ্যালয় বৃত্তি পৰীক্ষা"ৰ ফলাফল ঘোষণা...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ দ্বাৰা জিলাখনৰ ৫ম আৰু ৮ম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীৰ মাজত সুপ্ত প্ৰতিভা বিকশিত কৰাৰ উদ্দেশ্যেৰে জিলাভিত্তিক "নগাঁও জিলা জাতীয় বিদ্যালয় বৃত্তি পৰীক্ষা" অনুষ্ঠিত কৰা হয়। এই বৰ্ষৰ উক্ত প্ৰতিযোগিতামূলক পৰীক্ষা বিগত ১২ মাৰ্চত অনুষ্ঠিত হৈছিল।

জিলাখনৰ চাৰিটা কেন্দ্ৰত অনুষ্ঠিত এই বৃত্তি পৰীক্ষাত ৩৮ খন বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ২৮০ জন আৰু ৮ম শ্ৰেণীৰ ১৬৯ জন সৰ্বমুঠ ৪২৯ জন পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। আৰু এই পৰীক্ষাৰ ফলাফল শুকুৰবাৰে ঘোষণা কৰা হয়।

ঘোষিত ফলাফলত ৫ম শ্ৰেণীৰ বৃত্তি লাভ কৰে ১৪ জনে আৰু ৮ম শ্ৰেণীৰ বৃত্তি লাভ কৰে ১২ জনে। ৫ম শ্ৰেণীত জাতীয় বিদ্যালয় বটদ্ৰৱাৰ দৰ্শনা বৰাই প্ৰথম স্থান আৰু বেছামাৰী এ বি চিদ্দিক জাতীয় বিদ্যালয়ৰ তনবীৰ মেহতাবে দ্বিতীয় স্থান লাভ কৰা বিপৰীতে ৮ম শ্ৰেণীৰ বৃত্তি পৰীক্ষাত ইউনিটেৰিয়ান জাতীয় বিদ্যালয় মিচবাউৰ ৰহমানে প্ৰথম স্থান আৰু কান্ধুলিমাৰী জ্ঞান দৰ্শন জাতীয় বিদ্যালয় ছুহানা আফৰিনে জিলাখনৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰে।