নগাঁও-বটদ্ৰৱা সমষ্টিত বিধায়ক ৰূপক শৰ্মাৰ ১০ টাকৈ পথৰ আধাৰশিলা স্থাপন...
নগাঁও-বটদ্ৰৱা সমষ্টিত বিধায়ক ৰূপক শৰ্মাৰ ১০ টাকৈ পথৰ আধাৰশিলা স্থাপন...  
নগাঁও

নগাঁও-বটদ্ৰৱা সমষ্টিত বিধায়ক ৰূপক শৰ্মাৰ ১০ টাকৈ পথৰ আধাৰশিলা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁওঃ যাতায়তৰ ক্ষেত্ৰত গ্ৰামাঞ্চল তথা চহৰঞ্চলৰ জনসাধৰণে কোনোধৰণৰ অসুবিধাৰ যাতে সন্মুখীন নহয় এই ক্ষেত্ৰত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহৰহ প্ৰচেষ্টা আগবঢ়াই আহিছে। মুখ্যমন্ত্ৰী প্ৰচেষ্টাৰ ফলতেই "মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনি"ৰ অধীনত সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি নতুনকৈ নগাঁও-বটদ্ৰৱা সমষ্টিত অন্তৰ্ভুক্ত হোবা ১০ টাকৈ অতি বিধস্ত পথ নিৰ্মাণৰ কাম আজি আধাৰশিলা স্থাপন কৰে বিধায়ক ৰূপক শৰ্মাই ৷

আজি পুৱা ৯:৪৫ বজাৰ পৰা নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিভিন্ন স্থানত আধাৰশিলা স্থাপন কৰা পথসমূহ ক্ৰমে- নগাঁও-দক্ষিণপাটপথৰ মধুপুৰ গাঁৱৰ সংযোগী পথ,মধুপুৰ কদমতল বজাৰৰ পৰা কলংপাৰ পথ,নগাঁও ননৈ পথৰ পৰা ছোটহয়বৰ বেনেঙাআটি খণ্ড ১ নং পথ,নগাঁও মৰিকলং পথৰ পৰা বেনেঙাআটি হীৰাগাওঁ সংযোগী পথ,নগাঁও ননৈ পথৰ পৰা ছোটহয়বৰ বেনেঙাআটি খণ্ড ২ নং পথ,৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাটনিগাঁৱলৈ সংযোগী পথ,পুতনি চিকিৎসালয়ৰ পৰা তিলক বৰুৱা ঘৰলৈকে (শিশুৰাম বৰুৱা পথ),হাতীগাঁৱৰ পৰা বিৰহিগাঁৱলৈ পুতনি (হিলৈধাৰীৰ পৰা হীৰাগাঁও) পথ,চকৰিগাওঁ বৰনামঘৰ পথ,ভোটাইগাঁও গেৰেকিৰ পৰা ভোটাইগাওঁ অৰ্জুনতল সংযোগী পথৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰূপক শৰ্মাই ৷

উল্লেখ যে,পূৰ্বতে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত এই পথ কেইটা বিগত ২০-২৫ বছৰ ধৰি অতি জৰাজীৰ্ণ অৱস্থাত থকাৰ পাছত আজি নতুনকৈ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰূপক শৰ্মাই। কেইবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ১০টাকৈ অতি গুৰুত্বপূৰ্ণ পথ সম্পূৰ্ণ ৰূপে নিৰ্মাণ হোবাৰ পাছত নগাঁও চহৰলৈ গ্ৰামাঞ্চলৰ জনসাধাৰণৰ যাতায়তৰ ব্যৱস্থা অতি সুচল কৰি তোলাৰ লগতে যাতায়ত আৰু যোগাযোগৰ ক্ষেত্ৰত অনন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে বিধায়ক ৰূপক শৰ্মাই ৷

আজিৰ এই আধাৰশিলা অনুষ্ঠানত নগাঁও লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা মৃনাল বৰা, সহকাৰী অভিযন্তা হেমন্ত গিৰি বৰা, লোকনিৰ্মাণ বিভাগৰ অন্যান্য বিষয়ববীয়াসকলকে প্ৰমুখ্যে কৰি জিলা বিজেপিৰ বহু সংখ্যক কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

স্মতৰ্ৱ্য এই যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিভিন্ন গ্ৰামাঞ্চলৰ মাজত মুঠ ১০০ টাকৈ সৰু বৰ নতুন পথৰ বাবে ইতিমধ্যে প্ৰায় ৭০কোটি টকা লোক নিৰ্মাণ বিভাগে আবন্টন পোৱা বুলিও আধাৰশিলা অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই উপস্থিত ৰাইজক অৱগত কৰে ৷