নগাঁও

কন্দলীত বোৱাৰীক হত্যা শহুৰৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, কঠীয়াতলীঃ কন্দলীৰ আহুতলীত শহুৰৰ হাতত প্ৰাণ গ'ল বোৱাৰীৰ। ককাৰ আক্ৰমণৰ পৰা মাতৃক ৰক্ষা কৰিবলৈ গৈ আহত হ'ল নাতি। আহত নাতি সপ্তম শ্ৰেণীৰ ছাত্ৰী জিনা তাঁতীক সংকটজনক অৱস্থাত নগাঁও চিকিৎসালৈ প্ৰেৰণ কৰা হয় ।

মৃত বোৱাৰী দিপালিক দাৰে আঘাত কৰে শহুৰ মুৰুলি তাঁতীয়ে । হত্যাকাণ্ড সংঘটিত কৰি পলায়ন শহুৰ মুৰুলি তাঁতী । ঘটনাস্থলিত উপস্থিত হয় নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়া । ঘটনাৰ তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ।