দৌল পূৰ্ণিমাত বটদ্ৰৱা থানত সেৱা ল'লে নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে
দৌল পূৰ্ণিমাত বটদ্ৰৱা থানত সেৱা ল'লে নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে 
নগাঁও

দৌল পূৰ্ণিমাত বটদ্ৰৱা থানত সেৱা ল'লে নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ আজি পবিত্র দৌল পূৰ্ণিমাৰ নিশা নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আহি উপস্থিত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত। জাতীয় সাজ পৰিধান কৰি বিধায়িকা শিৱা মনি বৰাক লগত লৈ কীৰ্ত্তনঘৰত প্ৰবেশ কৰি তেওঁ সেৱা লয়।

কীৰ্ত্তন ঘৰত ভকতসকলৰ লগত মত বিনিময় কৰে। পাছত দৌল মহোৎসৱৰ হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজৰ ভিৰৰ মাজত পৰিভ্ৰমণ কৰি দৌল মহোৎসৱৰ আনন্দ উপভোগ কৰে।

কীৰ্ত্তন ঘৰত সাংবাদিকৰ আগত তেওঁ কয়- আজি পবিত্র দৌল পূৰ্ণিমাৰ দিনটোত মই মহাপুৰুষ শংকৰদেৱৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। মহাপুৰুষ গুৰুজনাই ২১ বছৰ বয়সতে জাতি, বৰ্ণ নিৰ্বিশেষে সকলোকে লগত লৈ কৃষ্ণভক্তিৰ মাহাত্ম্য বিলিন কৰাৰ নিমিত্তে যি আনন্দদায়ক দৌল উৎসৱৰ পাতনি মেলিছিল, সেই পবিত্ৰ স্থানত মই আজি উপস্থিত হৈ নিজকে ধন্য মানিছো।