নগাঁও

নগাঁৱৰ মেধাৱী ছাত্ৰী শিখাদ্ৰী মহন্তৰ কৃৰ্তিত্ব

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও জিলাৰ ফৌজদাৰী পট্টি অঞ্চলৰ মেধাৱী ছাত্ৰী শিখাদ্ৰী মহন্তৰ কৃৰ্তীত্ব। তেওঁ 'ICAR'ৰ অধীনস্থ "নেচনেল ডেইৰী ৰিচাৰ্ছ ইনষ্টিটিউট "কৰ্নাল,হাৰিয়ানা( NDRI )ৰ পৰা ২০১৯ চনত সুখ্যাতিৰে স্নাতক (B-Tec) ডিগ্ৰী লাভ কৰে।

উল্লেখ্য যে অধ্যয়ন কৰি থকা সময়তে তেওঁ বিশ্ববিদ্যালয় তথা বিশ্ব বেংকৰ সাহাৰ্যত দক্ষিণ আমেৰিকাৰ চিকাগো চহৰৰ সমীপৱৰ্ত্তী 'Purdue university'ত Internship কৰাৰ সুবিধা লাভ কৰে। আনহাতে তেওঁ সেই একেটা সাহাৰ্য পূজিৰ পৰাই পুনৰ 'Future Group'ৰ অধীনত মুম্বাইতো Internship কৰাৰ সুবিধা লাভ কৰে।

২০২০ চনৰ জানুৱাৰী মাহত শিখাদ্ৰী মহন্তই আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ (Texas) চহৰত থকা A & M ইউনিভাৰ্চিটিত স্নাতকোত্তৰ M-Tech ডিগ্ৰীৰ লগতে সন্মানীয় P-hd ডিগ্ৰী কৰাৰ বাবে জলপানীসহ সুবিধা পায়। তেওঁৰ গৱেষণাৰ বিষয় হৈছে "Reducing post harvest waste of cereals using plasma technology"।

গৱেষণাৰত অৱস্থাতে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰে Portland চহৰতো জলপানীসহ Internship কৰাৰ সুযোগ লাভ কৰে। উল্লেখযোগ্য যে বৰ্তমান তেওঁ উক্ত টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা ৰাষ্ট্ৰসংঘৰ অধীনস্থ (U.N.O) ইউৰোপ মহাদেশৰ ৰোম চহৰত অৱস্থিত "খাদ্য আৰু কৃষি সংস্থা " ( F.A.O.)ৰ মুখ্য কাৰ্যালয়ত জলপানীসহ Internship কৰাৰ সুবিধা লাভ কৰাত চলিত বৰ্ষৰ ১২ মে'ত উক্ত সংস্থাত যোগদান কৰে। মেধাৱী ছাত্ৰী শিখাদ্ৰী মহন্ত ফৌজদাৰী পট্টিৰ শ্ৰীশ্ৰী শ্ৰৱণী সত্ৰৰ নিবাসী জগন্নাথ মহন্ত(প্ৰতুল) আৰু দিপালী মহন্তৰ প্ৰথমা কন্যা।