লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ... 
নগাঁও

লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

Asomiya Pratidin
  • লাহৰীঘাটৰ দক্ষিণ চেনীমাৰীত ভয়ংকৰ অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মিভূত হৈছে ৫টাকৈ বাসগৃহ।

  • স্থানীয় ৰাইজৰ তৎপৰতাত কিছু পৰিমাণে জুই নুমুৱাবলৈ সক্ষম।

  • অভিযোগ অনুসৰি ঘটনাস্থলীত পলমকৈ উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন।

  • উত্তেজিত ৰাইজৰ একাংশই অগ্নি নিৰ্বাপক বাহিনীৰ বাহনলৈ লক্ষ্য কৰি নিক্ষেপ কৰিলে শিলগুটি।

  • শিল নিক্ষেপৰ ফলত ক্ষতিগ্ৰস্ত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন।

  • ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী।

  • আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰিত হৈছে পৰিস্থিতি।