বঢ়মপুৰ ছহিদ স্মৃতি আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভ...
বঢ়মপুৰ ছহিদ স্মৃতি আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভ... 
নগাঁও

বঢ়মপুৰ ছহিদ স্মৃতি আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভ...

Asomiya Pratidin

ডিজিটেল সংবাদ বঢ়মপুৰ: ১৯৪২ চনৰ দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰৰ চাৰিগৰাকী বীৰ-বীৰাংগণাৰ পূণ্য স্মৃতিত ১৯৫০ চনৰ ২ জানুৱাৰীত প্ৰতিষ্ঠিত বঢ়মপুৰৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ বঢ়মপুৰ ছহিদ স্মৃতি আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত ৭৫ বছৰত ভৰি দিছে।

এই উপলক্ষে আজি বিদ্যালয়খনৰ মহাৰজত জয়ন্তী বৰ্ষটি বৰ্ষজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা উদ্দেশ্যৰে কাৰ্য্যসূচীৰ শুভাৰম্ভনি অনুষ্ঠান হিচাপে বিদ্যালয়খনত পুৱাতে বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ ৭৫ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৭৫ খন পতাকা উত্তোলন কৰা হয়।

এই পতাকা উত্তোলন কাৰ্য্যসূচীত মূল পতাকা উত্তোলক হিচাপে উপস্থিত থাকে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী। ইয়াৰ পাছতে বঢ়মপুৰৰ চাৰিগৰাকী বীৰ ছহিদৰ প্ৰতিচ্ছবিত মাল্যপ্ৰদান, বন্তি প্ৰজ্বলন আৰু ছহিদ বেদীত শ্ৰদ্ধাঞ্জলি, অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ ছহিদ বেদীত পুষ্পাঞ্জলি অৰ্পণ, বিদ্যালয়ৰ প্ৰতিষ্ঠাপক হেমকান্ত হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত হয়।

উল্লেখ্য যে, বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল পঞ্চসপ্ততিতম বৰ্ষ উপলক্ষে মহাৰজত জয়ন্তী বর্ষৰ প্ৰথম অনুষ্ঠানটিত আজি বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী, অধ্যক্ষ-অধ্যক্ষা, প্ৰাক্তন শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণেৰে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে।