নগাঁও

বাৰিষাৰ প্ৰথমজাক বৰষুণতেই মাধৱপাৰাত বৰপানী নদীৰ খহনীয়া...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ কচুৱাৰ মাধৱপাৰাত অৱস্থিত ঐতিহাসিক মাধৱথানলৈ বৰপানী নদীৰ প্ৰবল খহনীয়াই পুনৰ ভাবুকি কঢ়িয়াই আনিছে। ৰহা সমষ্টিৰ অন্তৰ্গত মাধৱপাৰাত সৰ্বানন্দ সোনোৱাল চৰকাৰৰ দিনত খহনীয়া ৰোধৰ বাবে ১ কোটি ৯ লাখ টকা ব্যায় সাপেক্ষে এটা বান্ধ নিমাৰ্ণ কৰা হৈছিল। কিন্তু বাৰিষা অহাৰ পূৰ্বে দুই এদিনৰ নেৰানেপেৰা বৰষুণৰ ফলতেই এই বান্ধটোৰ লগতে পকী পথ খহি যোৱাত তীব্ৰ ভাবুকি সৃষ্টি হৈছে ঐতিহাসিক থানখনৰ লগতে সমগ্ৰ কচুৱা অঞ্চললৈ।

বৰপানী নদীৰ পৰা মাত্র ৫০ মিটাৰ দূৰত অৱস্থিত শ্রীশ্রী মাধৱ থানলৈ এক প্ৰকাৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে জুৰিৰপাৰ, শিঙিমাৰী, লংজাপ আদি কৰি প্ৰায় বিশখনতকৈ অধিক গাঁৱৰ লোকে এই একমাত্ৰ সংযোগী গড়কাপ্তানী পথটোৱেদি চলাচল কৰাত সমস্যাই দেখা দিছে। যাৰ বাবে চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ।

আনহাতে স্থানীয় ৰাইজৰ অভিযোগ, পূৰ্বৰ ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ শাসনৰ সময়ছোৱাত খহনীয়া ৰোধৰ বাবে বান্ধ নিৰ্মাণত অনিয়ম সংঘটিত হৈছিল। এই অভিযোগ উত্থাপন কৰিছে থান পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে। মাত্র দুই তিনি বছৰতেই কিদৰে নিমাৰ্ণ হোৱা বান্ধ আৰু মূল পকী পথৰ কিছু অংশ খহি পৰিছে ই এক ডাঙৰ প্ৰশ্ন স্থানীয় ৰাইজৰ বাবে।

যাৰ বাবে ৰাইজে ইয়াৰ এক উচিত তদন্ত কৰি ভৰ বাৰিষাৰ পূৰ্বে চৰকাৰ আৰু জল সম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাক উক্ত খহনীয়া ৰোধৰ বাবে ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।