নগাঁও

নগাঁৱত লাট মণ্ডলৰ প্ৰতিবাদী কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও : চিদলী ৰাজহ চক্ৰৰ লাট মণ্ডল জৰ্জ হাজোৱাৰীক চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত কুমাৰ বসুমতাৰীয়ে প্ৰহাৰ কৰাৰ প্ৰতিবাদত সদৌ অসম মণ্ডল কানানগো সন্মিলনীৰ নগাঁও সদৰ ৰাজহ চক্ৰ শাখাই বৃহস্পতিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীসকলে কলাবেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে লাট মণ্ডল জৰ্জ হাজোৱাৰীক প্ৰহাৰ কৰা বিধায়কগৰাকীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনায়। চৰকাৰে এই ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰিলে সন্মিলনীয়ে ইয়াতকৈও অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্পষ্ট কৰে। এই প্ৰতিবাদী কাৰ্যসূচী শুক্ৰবাৰ আৰু শণিবাৰলৈকে চলিব বুলি সন্মিলনীয়ে জানিবলৈ দিয়ে।