নগাঁও

কলিয়াবৰত আৰক্ষী আৰু বন বিভাগে জব্দ কৰিবলৈ সাহস নকৰা এখন ট্ৰাক...

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰ : আৰক্ষী আৰু বন বিভাগে জব্দ কৰিবলৈ সাহস নকৰা এখন ৰহস্যময় ট্ৰাকে শুক্ৰবাৰে কলিয়াবৰত সৃষ্টি কৰিছে চাঞ্চল্যৰ । কলিয়াবৰ আৰক্ষী থানাৰ সন্মুখত থকা এ এছ ০১ এল চি ৯৬০৬ নম্বৰৰ ট্ৰাক খনৰ ভিতৰত আছে মূল্যবান কাঠ। ট্ৰাকৰ চালকে আৰক্ষীক যোগান ধৰা নথিৰ ভিতৰত আছে এখন জি এচ টি বিল, এখন ই ৱে বিল আৰু এখন নামচাই চংকু চ' মিলৰ ট্ৰেনজিৎ পাচ/চালান।

এইখিনি নথিৰ তথ্য মতে বাহন খনত থকা কাঠৰ পৰিমাণ ১৮.১৯৫ কিউবিক মিটাৰ। অৰ্থাৎ ১৯ কিউবিক মিটাৰো কাঠ নাই বাহন খনৰ ভিতৰত। তথ্য মতে কাঠ খিনিৰ মূল্য দেখুওৱা হৈছে ৮০ হাজাৰ ৬৬৬ টকা। আনহাতে জি এচ টি সহ মুঠ টকাৰ পৰিমাণ হ'ল ১,২৯,৫৫৭.৯৪ টকা। জানিব পৰা মতে, বাহন খনত আছে বিশ লক্ষাধিক টকা মূল্যৰ কাঠ। বিশ লক্ষাধিক টকা মূল্যৰ বিপৰীতে ১,২৯,৫৫৭.৮৮ টকা মূল্যৰ নথি প্ৰস্তুত কৰি কাঠ সমূহ নামচাইৰ পৰা মঙ্গলদৈ বামুনপাৰাৰৰ মেচাৰ্চ গনেশ ফৰেষ্ট ট্ৰেডিং ডিপুলৈ সৰবৰাহ কৰা বুলি নথি-পত্ৰত উল্লেখ আছে।

জনৈক চৰকাৰ উপাধিৰ এগৰাকী ব্যৱসায়ীৰ নাম সাঙোৰ খাইছে এই বৃহৎ চোৰাং কাঠ চিণ্ডিকেট চক্ৰটোৰ সৈতে। নিজকে গুৱাহাটীস্থিত ডি ৱাই ৩৬৫ ৰ সাংবাদিক বুলি পৰিচয় দিয়া এজন লোকে এখন বলেৰ' বাহনৰে আহি কাঠ ভৰ্তি বাহন খন আৰক্ষী থানাৰ পৰা মুকলি কৰিবলৈ কলিয়াবৰ আৰক্ষী থানা চৌহদত উপস্থিত হোৱাৰ কথাই অধিক ৰহস্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে আৱদ্ধ কৰা কাঠ ভৰ্তি বাহন খন স্থানীয় জখলাবন্ধা খণ্ড বন বিষয়াক চমজি দিবলৈ বিভাগীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈকে স্থানীয় বন বিভাগে ৰহস্যজনক কাৰণত কাঠ ভৰ্তি বাহন খন নিজৰ জিন্মাত লোৱা নাই।

আৰক্ষী আৰু বন বিভাগে নিজৰ নিজৰ চাকৰি বচাবলৈ উঠি-পৰি লগাত ৰাজপথৰ পৰাই কাঠ ভৰ্তি বাহন খন নিশাৰ ভাগত অন্তৰ্ধান হ'ব পাৰে বুলি সন্দেহ কৰিছে সচেতন মহলে। যি সময়ত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱা বুলি দাবী কৰাৰ বিপৰীতে চোৰাং কাঠৰ মাফিয়াৰ লগতে আৰক্ষী আৰু বন বিভাগে দেখুওৱা এনে কৰ্ম- কাণ্ডই সচেতন মহলকো চিন্তিত কৰা পৰিলক্ষিত হৈছে।