বছৰৰ প্ৰথম দিনটোতে কলিয়াবৰ মহকুমা পুথিভঁৰালৰ "পুথিভঁৰাললৈ গৈ কিতাপ পঢ়ো আহক" শীৰ্ষক অনুষ্ঠান...
বছৰৰ প্ৰথম দিনটোতে কলিয়াবৰ মহকুমা পুথিভঁৰালৰ "পুথিভঁৰাললৈ গৈ কিতাপ পঢ়ো আহক" শীৰ্ষক অনুষ্ঠান... 
নগাঁও

বছৰৰ প্ৰথম দিনটোতে কলিয়াবৰ মহকুমা পুথিভঁৰালৰ "পুথিভঁৰাললৈ গৈ কিতাপ পঢ়ো আহক" শীৰ্ষক অনুষ্ঠান...

Asomiya Pratidin

ডিজিটেল সংবাদ কলিয়াবৰ: নৱবৰ্ষৰ পহিলা দিনটোত কলিয়াবৰ মহকুমা পুথিভঁৰালে গ্ৰহণ কৰিলি এক ব্যতিক্ৰমী পদক্ষেপ। "পুথিভৰাললৈ গৈ কিতাপ পঢ়ো আহক" শীৰ্ষক অনুষ্ঠানৰে নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ এক পৰিবেশ প্ৰদান কৰিলে পুথিভড়াল কৰ্তৃপক্ষই ।

ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নামত উৎসৰ্গিত কলিয়াবৰ মহকুমা পুথিভঁৰালত বছৰৰ প্ৰথম দিনটোত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গ্ৰন্থপ্ৰেমী ৰাইজ। হাতে-হাতে কিতাপ লৈ ৰ'দ কাঁচলিত বহি কিতাপ পঢ়াৰ আনন্দ ল'লে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে।

সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীক উৎসাহ জনাবলৈ উপস্থিত হ'ল বয়োজ্যেষ্ঠ গ্ৰন্থপ্ৰেমীসকলো। এই উপলক্ষে অনুষ্ঠিত গ্ৰন্থাগাৰিক সৌৰভ বৰাই আঁত ধৰা অনুষ্ঠানটোত পৰেশ নাথ ভূঞাই ছাত্ৰ-ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপত মিলিত হয়।

উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে কবিতা আবৃত্তিৰ উপৰিও শিক্ষাৰ্থী জীৱনৰ অভিজ্ঞতা ৰোমন্থন কৰি পৰিবেশটো জীপাল কৰি তোলে ৷ অনুষ্ঠানত সমাজকৰ্মী প্ৰদীপ বৰুৱা, প্ৰাক্তন অধ্যক্ষ ভূপেন শৰ্মা, প্ৰবন্ধকাৰ-লেখক নবীন বৰঠাকুৰ,শিক্ষক ৰূপজ্যোতি গোস্বামী প্ৰমূখ্য কেইবাগৰাকী বক্তাই যান্ত্ৰিকতাৰ যুগত এনে পদক্ষেপক শলাগ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি অধ্যয়নৰ প্ৰাসংগিকতাৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷

উক্ত অনুষ্ঠানত সমাজকৰ্মী তথা যুৱনেতা মণি মাধব মহন্তই কলিয়াবৰ মহকুমা পুথিভঁৰাললৈ কিতাপৰ টোপোলা আগবঢ়োৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নমুখী হ’বলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, ২০ বছৰৰ পূৰ্বে কেইজনমান উদ্যমী ব্যক্তিৰ প্ৰচেষ্টাত কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এটি পৰিত্যক্ত চৰকাৰী ভৱনত গঢ়ি উঠিছিল ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ নামত উৎসৰ্গিত পুথিভড়ালটো।

কলিয়াবৰবাসী ৰাইজৰ সহযোগত ঠন ধৰি উঠা পুথিভড়ালটো ২০১৯ চনত কলিয়াবৰ মহকুমা পুথিভড়াল হিচাপে উন্নীত হৈ চৰকাৰী আওতালৈ আহে। এটা পৰিত্যক্ত ভৱনৰ পৰা আৰম্ভ হোৱা পুথিভড়ালে নতুন প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

সময়ে সময়ে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পুথিভড়াললৈ আনি গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰতো এই পুথিভড়ালে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। নতুন বছৰৰ পহিলা দিনটোতো ব্যতিক্ৰমী কাৰ্যসূচীৰে নতুন প্ৰজন্মৰ লগতে অভিভাৱকসকললৈ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনোৱা কলিয়াবৰ মহকুমা পুথিভড়ালৰ এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে ৷