accident
accident 
নগাঁও

জখলাবন্ধাত টেংকাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ; থিতাতে নিহত এজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰিত শুকুৰবাৰে এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, টেংকাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত এজন মটৰচাইকেল আৰোহী থিতাতে নিহত হয় আৰু আন এজন আৰোহী গুৰুতৰ ভাৱে আহত হয় ।

নিহত জনক জুৰীয়াৰ আতাবুৰ ৰহমান(৩৩) বুলি জানিব পৰা গৈছে । আনহাতে গুৰুতৰ ভাৱে আহত ইছমাইল আলি(২৫)ক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে । এএছ ০৩ এএইছ ৮৬৯১ নম্বৰৰ মটৰচাইকেলেৰে কুঠৰীৰ দিশে গৈ থকাৰ সময়তে আমগুৰিত বিপৰীত দিশৰ পৰা তীব্র বেগত অহা এএছ ০১ চিচি ৫৬৭৪ নম্বৰৰ তেল টেংকাৰ খনৰ সৈতে মুখামুখী খুন্দা মৰাৰ ফলতেই ঘটনাটো সংঘটিত হয়।

ঠাইখিনিত কোনো লোকৰ ঘৰ নথকাৰ বাবে বহু পলমকৈহে পথেৰে আহি থকা এম্বুলেঞ্চে দুয়োকে জখলাবন্ধা চিকিৎসালয়লৈ আনে যদিও ইতিমধ্যে এজনৰ মৃত্যু হৈছিল। পাছত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ মৃতজনৰ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।