Keshab Mahanta: কলিয়াবৰত স্থাপন হ'ব আইন, চিকিৎসাৰ কেইবাখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান...
Keshab Mahanta: কলিয়াবৰত স্থাপন হ'ব আইন, চিকিৎসাৰ কেইবাখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান... 
নগাঁও

Keshab Mahanta: কলিয়াবৰত স্থাপন হ'ব আইন, চিকিৎসাৰ কেইবাখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ বাবে কেইবাটাও ভাল খবৰ। কলিয়াবৰত স্থাপন হ’ব উচ্চ শিক্ষাৰ কেইবাখনো শিক্ষানুষ্ঠান। এই শিক্ষানুষ্ঠানসমূহৰ ভিতৰত আছে চিকিৎসা আৰু আইনৰো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান।

ইয়াৰ বাবে আৰম্ভ হৈছে প্ৰাৰম্ভিক কাম-কাজ। তাৰেই অংশ হিচাপে আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কেইবাজনো শীৰ্ষ বিষয়াৰ সৈতে ভূমি পৰিদৰ্শন কৰে। ইয়াৰোপৰি তেওঁ নিৰ্মাণৰত মহাপ্ৰভু জগন্নাথ কমিউনিটি চেণ্টাৰৰো বুজ লয়।

কলিয়াবৰত স্থাপন হ'বলগীয়া এই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছে আদৰ্শ স্নাতক মহাবিদ্যালয়, আইন মহাবিদ্যালয়, নাৰ্ছিং স্কুল আৰু আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়। ইয়াৰে নাৰ্ছিং স্কুলখন স্থাপন কৰা হ'ব জখলাবন্ধত।

ইয়াত শৈক্ষিক ভৱনৰ উপৰিও থাকিব শিক্ষাৰ্থীৰ আৱাসিক ভৱন আৰু কলিয়াবৰ মহকুমা চিভিল হাস্পতালৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ বাবে আৱসিক ভৱন। প্ৰস্তাৱিত আইন মহাবিদ্যালয়খন স্থাপন কৰা হ’ব কলিয়াবৰত।

বুঢ়াপাহাৰ চাহ বাগিছাত স্থাপন কৰা হ’ব আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খন। ইয়াৰ বাবে ইতিমধ্যে আৱণ্টন দিয়া হৈছে ভূমি। এই আৱণ্টিত ভূমি আজি পৰিদৰ্শন কৰে কেশৱ মহন্তই। তেওঁৰ লগত উপস্থিত থাকে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলৰ লগতে মহকুমাধিপতি, চক্ৰ বিষয়া আদি।