নগাঁও

কঠিয়াতলীত ব'ল বমৰ ভিৰত এঘণ্টা ধৰি ৰোগীসহ ৰাজপথতেই আৱদ্ধ এম্বুলেঞ্চ

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ বৰ্তমান সময়ত ধৰ্মীয় অনুষ্ঠানৰ নামত প্ৰায়ে দেখা যায় উশৃংখলতাৰ পৰিৱেশ। শাওন মাহৰ ব'ল বমৰ নামতো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে অপ্ৰীতিকৰ পৰিস্থিতি। দেওবাৰৰ নিশা নগাঁৱৰ কঠিয়াতলীত দেখা যায় ঠিক তেনে এক পৰিস্থিতি।

ব'ল বমৰ নামত একাংশ ভক্তই উচ্চ স্বৰত গান লগাই ভক্তিৰ নামত মচগুল হৈ থকাৰ সময়তে কঠিয়াতলীৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন এম্বুলেঞ্চ বিকল হৈ পৰে। যাৰ বাবে এঘণ্টা ধৰি জীৱন মৃত্যুৰে যুঁজে এজন ৰোগীয়ে ৷ পিছে এম্বুলেঞ্চখনলৈ ভ্ৰুক্ষেপ নাই ভক্তৰ ৷

অৱশ্যে বাতৰি সংগ্ৰহ কৰিব যোৱা দুই সাংবাদিকে ততাতৈয়াকৈ আন এখন এম্বুলেঞ্চ যোগাৰ কৰি ৰোগীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰাত সহায় কৰে ৷ জানিব পৰা মতে, লামডিঙৰ এজন ৰোগী হোজাই হাম হস্পিতালৰ পৰা গুৱাহাটীলৈ সংকটজনক অৱস্থাত নি থকাত এম্বুলেঞ্চখন কঠিয়াতলীৰ ব'ল বমৰ ভিৰত সোমাই পৰি পিছত বিকল হৈ পৰে ৷

এঘণ্টা ধৰি ৰোগীগৰাকীৰ আত্মীয়ই ভক্তৰ পৰা সহায় বিচাৰে যদিও এম্বুলেঞ্চখনলৈ ভ্ৰক্ষেপ নাছিল ভক্তৰ। উল্লেখ্য ৰোগীগৰাকীক সাংবাদিক দুগৰাকীয়ে সহায় কৰা কৰ্মক এতিয়া শলাগ লৈছে সকলোৱে ৷