নগাঁও

এইবাৰ ড্ৰাগছ বিৰোধী অভিযানত নামিল গাওঁৰক্ষী বাহিনী...

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰ : সোমবাৰৰ নিশা কাকতিগাঁৱত কাকতি গাওঁ আঞ্চলিক আমছু আৰু কাকতি গাওঁ গাওঁৰক্ষী বাহিনীৰ অভিযান। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

নগাঁওৰ পৰা কামপুৰৰ চেঙাজান অভিমুখে যোৱা এএচ ০২ এক্স ৩৬৫৯ নম্বৰৰ এখন চাৰি চকীয়া বাহনেৰে ড্ৰাগছ লৈ অহাত কাকতিগাওঁ তিনিআলি বজাৰৰ ওচৰত ৰাইজৰ সহযোগত কাকতি গাওঁ আঞ্চলিক আমছু আৰু গাওঁৰক্ষী বাহিনীৰ দলটোয়ে আটক কৰি কামপুৰ আৰক্ষী চকীত গতাই দিয়ে।

ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ নাম আব্দুল কাদিৰ, মুকছিদুল হক, ইক্ৰামুল হক তিনিজনৰ ঘৰ চেঙাজান বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ড্ৰাগছ সৰবৰাহকাৰী কেইটা পৰা আৰক্ষীয়ে এঘাৰ গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষয হয়। ইতিমধ্যে আৰক্ষীয়ে তিনি ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰখা বুলি জনা গৈছে।