নগাঁও

বিহুৰ বতৰত মিছাৰ ভয়ংকৰ পথ দুৰ্ঘটনাই অমানিশা নমাই আনিলে এখন গাঁৱলৈ

Asomiya Pratidin

ডিজিটেল ডেস্ক : পদূলিমুখত হেঁপাহৰ ভোগালী বিহু। সকলোৱে ব্যস্ত ভোগালীক আদৰাৰ বাবে। তেনে সময়তে এখন গাঁৱলৈ নামি আহিল অমানিশা। অকাঙ্খিত দুৰ্ঘটনাই প্ৰাণ ল'লে ৩গৰাকী উঠি অহা যুৱকৰ।

বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ মিছা ৰৌমাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাত থিতাতে নিহত একেখন গাঁৱৰে তিনিজনকৈ যুৱক। নিয়ন্ত্ৰণ হেৰুৱাই চাৰিলেনযুক্ত পথৰ পৰা দ' খাৱৈত বাগৰি পৰিল AS 12 J 6909 নম্বৰৰ মহিন্দ্ৰা ভেৰিটো বাহন।

ফলত থিতাতে নিহত হয় অৰ্জুন তাঁতী, অমৃত বিশ্বাস ওৰফে চানু আৰু ৰাহুল বিশ্বাস। বাহনখন কলিয়াবৰ পৰা মিছা দিশত আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত হয়।