নগাঁও

কচুৱা পঞ্চায়তত পঞ্চদশ বিত্তীয় আঁচনিত খেলি-মেলিৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ নগাওঁ জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুৱা পঞ্চায়তত পঞ্চদশ বিত্তীয় আঁচনিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ আনিছে পঞ্চায়তখনৰ ১০জনকৈ ৱাৰ্ড সদস্যই। দেওবাৰ সংবাদমাধ্যম যোগে পঞ্চায়ত সদস্যসকলে এই অভিযোগ উত্থাপন কৰে।

পঞ্চায়ত সদস্যসকলৰ অভিযোগ মতে, কঠীয়াতলী উন্নয়ন খণ্ডৰ কচুৱা গাওঁ পঞ্চায়তৰ ২০২০-২১ বৰ্ষৰ দ্বিতীয় কৃষ্টি আৰু ২০২১-২২ দ্বিতীয় কৃষ্টিৰ পঞ্চদশ বিত্তীয় আঁচনিৰ ধন গাওঁসভাৰ জৰিয়তে পঞ্চায়তৰ সভাপতি আৰু সচিব, ৱাৰ্ড সদস্যৰ লগতে ৰাইজৰ উপস্থিতিত দুয়োটা বৰ্ষ উন্নয়নৰ ধনেৰে দহোটা ৱাৰ্ডত আঁচনি ৰূপায়ন কৰাৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত উপস্থিতসকলৰ সৰ্বসন্মতি ক্ৰমে ৩৩ খন আঁচনি ৰূপায়ন কৰা হ'ব বুলি গ্ৰহণ কৰা হয় প্ৰস্তাৱ।

এই আঁচনিসমূহৰ প্ৰাকঃ কলন প্ৰস্তুত কৰি বিভাগীয় নীতিৰে কাম-কাজসমূহ সম্পন্ন কৰা হয়। ইয়াৰে কচুৱা বজাৰৰ নলা নিৰ্মাণ, কচুৱা আৰক্ষী থানাৰ দেৱাল নিৰ্মাণ আৰু কচুৱাত এটা ঈদগাহ নিৰ্মাণৰ কাম ৰহা সমষ্টিৰ বিধায়কক কৰিবলৈ আহ্বান জনায়। পিছে ৱাৰ্ড সদস্যসকলৰ অভিযোগ মতে, প্ৰথম আৰু দ্বিতীয় কৃষ্টিৰ কামসমূহ ৰূপায়ন নকৰি সচিব আৰু সভাপতিয়ে মইমতালিৰে ৱাৰ্ডসকলক অৱগত নকৰাকৈ নতুনকৈ আঁচনি প্ৰস্তত কৰি ৰূপায়ন কৰে।

যাৰ বাবে ক্ষোভিত হৈ পৰিছে ৱাৰ্ডসদস্যসকল। এইক্ষেত্ৰত পঞ্চায়ত সদস্যসকলে ৰহা সমষ্টিৰ বিধায়ক, কঠীয়াতলী উন্নয়ন খণ্ডৰ বিষয়া আৰু পঞ্চায়তৰ সভাপতি-সচিবৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।