নগাঁও

জোনমণি ৰাভা বাসগৃহত নগাঁও আৰক্ষীৰ দল...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্য কঁপোৱা জোনমণি ৰাভা কাণ্ডৰ সন্দৰ্ভত অব্যাহত আছে প্ৰতিক্ৰিয়াৰ। ঘটনাৰ সন্দৰ্ভত চি আই ডিয়ে নিজৰ তদন্ত অব্যাহত ৰাখিছে । তদন্ত প্ৰক্ৰিয়াৰ বাবে আজি চি আই ডিৰ এটা দল উপস্থিত হয় নগাঁও সদৰ থানাত।

সমান্তৰালভাবে জোনমণি ৰাভাৰ বাসগৃহতো উপস্থিত হয় নগাঁও আৰক্ষীৰ এটা দল। জোনমণি ৰাভাৰ মাতৃৰ এজাহাৰ ভিত্তিত তদন্তৰ বাবে উপস্থিত হয় আৰক্ষীৰ দলটো। এছ ডি পি অ' ৰূপম বৰদলৈয়ে সোধা-পোছা কৰে জোনমণিৰ মাতৃক। জোনমণি ৰাভাৰ মাতৃয়েও আৰক্ষীৰ তদন্ত প্রক্রিয়াত সহযোগিতা কৰাৰ পৰিলক্ষিত হয়।