শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অতিথিশালা নিৰ্মাণৰ শুভাৰম্ভ সভা...
শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অতিথিশালা নিৰ্মাণৰ শুভাৰম্ভ সভা... 
নগাঁও

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অতিথিশালা নিৰ্মাণৰ শুভাৰম্ভ সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমস্ত জীৱন দৰ্শন, জীৱন ব্যাপী কৰ্মৰাজী সূৰ্য সম প্ৰখৰতাৰ। সেইখিনি কেৱল আধ্যাত্মিকতাত সীমিত নহয়।গুৰু এক বিশাল জ্যোতিৰে দীপ্তিমান।" এই মন্তব্য সাংসদ তথা শিল্পী পবিত্ৰ মাৰ্ঘেৰিটাৰ।

বৃহস্পতিবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ স্থায়ী ঠিকনা বটদ্ৰৱাৰ ৰাইদঙীয়া আটোৱাটিকাত পবিত্ৰ মাৰ্ঘেৰিটাৰ সাংসদ পুজিৰ ৫০ লাখ টকা ব্যয়েৰে নিৰ্মান হ'বলগীয়া অতিথিশালাৰ নিৰ্মানকাৰ্য শুভাৰম্ভ আৰু শৈক্ষিক আৰু প্ৰশাসনিক ভৱন শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই লগতে কয় "মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মাইলৰ খুটি ৰূপে সৰ্বজন সমাদৃত হৈছে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পদৰেণুৰে ৰঞ্জিত বটদ্ৰৱাৰ সমীপৱৰ্তী এই বিশ্ববিদ্যালয়ৰৰ স্থায়ী ঠিকনাটিত মোৰ সামান্য অনুদান আগবঢ়াবলৈ পায় কৃতাৰ্থ মানিছো। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ শৈক্ষিক, আধ্যাত্মিক, সাংস্কৃতিক যাত্ৰাত আমাৰ এই পবিত্ৰ দ্বায়িত্ব আৰু কৰ্তব্য হিচাপে ভাবিছো।" বুলি মন্তব্য প্ৰদান কৰে।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই আদৰণি ভাষণ প্ৰদান কৰা শুভাৰম্ভণি অনুষ্ঠানৰ সভাত সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল বৰা, উপাচাৰ্য ডঃ মৃদল কুমাৰ হাজৰিকা, নৱনিৰ্বাচিত পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা, পঞ্জীয়ক ডঃ মৃনাল কুমাৰ বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

উল্লেখ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ পৰা মাত্ৰ ৪কিলোমিটাৰ নিলগত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য্য চলি আছে। ইতিমধ্যে অসম চৰকাৰে এই বিশ্ববিদ্যালয়ৰ বাবে ৩০০ বিঘা মাটি আৱন্তন দিছে। উক্ত ভূমিতে আজি বিশ্ববিদ্যালয়ৰ অতিথিশালাৰ লগতে ,শৈক্ষিক আৰু প্ৰশাসনিক ভৱনৰো নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ হয়।

আজি অনুষ্ঠানটি সমাজকৰ্মী ৰোহিনী বৰা উমা হাজৰিকা,ধ্ৰুৱ কুমাৰ বৰাৰ লগতে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিষয়ববীয়া,সদস্য,শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক, ছাত্ৰ ছাত্ৰীসহ সহস্ৰাধিকলোক উপস্থিত থাকে। ইফালে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সমীপতে চলি থকা চৰকাৰী ভূমিৰ বেদখল সন্দৰ্ভতো সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে "চৰকাৰী ভূমি বেদখলমুক্ত হ'বই। ই বিশ্ববিদ্যালয়ৰ হওঁক বৰদোৱা সত্ৰৰ হওঁক বা নামঘৰৰ হওঁক। আমি উচ্ছেদ হোৱাতো বিচাৰো। চৰকাৰে ন্যায়ালয়ৰ নিয়ম মানি উচ্ছেদ চলাবই বুলি মন্তব্য কৰে।" বুলি উল্লেখ কৰে।