মহাবিক্ষোভ কাৰ্যসূচী
মহাবিক্ষোভ কাৰ্যসূচী 
নগাঁও

নগাঁৱত চিটুৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ ...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ কৃষক আৰু বঞ্চিত শ্ৰমিকৰ অধিকাৰৰ হকে কৃষক শ্ৰমিক আৰু কৃষি শ্ৰমিক সকলে বিভিন্ন সংগঠনৰ সহযোগত দিল্লীত ৰূপায়ণ কৰা মহাবিক্ষোভ কাৰ্যসূচীৰ সমৰ্থনত নগাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । বুধবাৰে চিটুৰ উদ্যোগত কেবাটাও সংগঠনে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

কৃষক শ্ৰমিকৰ সাংবিধানিক অধিকাৰ ৰক্ষা কৰা আৰু শোষণকাৰীৰ পৰা দেশ বচোৱাৰ দাবীত ৰূপায়ণ কৰা হয় বিক্ষোভ কাৰ্যসূচী । নগাঁও চহৰৰ মতিৰাম বৰা উদ্যানৰ সমীপত এই কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীসকলে ৷

সংগঠন সমূহৰ সদস্যসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।কাৰ্যসূচীত চিটুৰ লগতে নিখিল ভাৰত কৃষক সভা, নিখিল ভাৰত আশাকৰ্মী ইউনিয়ন আদি সংগঠনৰ জিলা সমিতিৰ কৰ্মী সকলে অংশগ্ৰহণ কৰে ।