নগাঁও

নগাঁৱত আন্তঃজিলা ছিনিয়ৰ পুৰুষ হকীৰ সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ ,নগাঁওঃ নগাঁও জিলাৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বুধবাৰে সামৰণি পৰা ১৪ সংখ্যক সদৌ অসম আন্তঃজিলা ছিনিয়ৰ পুৰুষ হকী প্ৰতিযোগিতাত কাৱৈমাৰী দলে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিছে৷ এই প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত ফাইনেলত চামগুৰিৰ কাৱৈমাৰী দলে গুৱাহাটী দলক ২-০ গ’লত পৰাজিত কৰে৷

খেলখনত কাৱৈমাৰী দলটোৰ হৈ ২৩ মিনিটত শিৱা আৰু ৩৫ মিনিটত কমল উদ্দিনে ক্ৰমে গ’ল দুটা দিয়ে ৷ মুঠ ১৯টা দলে যোগদান কৰা এই প্ৰতিযোগিতাৰ ছেমিফাইনেলত গুৱাহাটীয়ে নগাঁৱক ৪-৩ (২-২) গ’লত আৰু কাৱৈমাৰী দলে কলিয়াবৰ দলক ২-১ (০-০) গ’লত হৰুৱাই ফাইনেলত উপনীত হৈছিল ৷

খেলৰ অন্তত এছ এল এ চিৰ সদস্য সচিব গীতাৰ্থ গোস্বামী, অসম হকীৰ সম্পাদক তপন কুমাৰ দাস, ক্ৰীড়া ভাৰতীৰ মনোজ মহান্তি, বিশিষ্ট ক্ৰীড়া সংগঠক মুনীন নৱিচ, ভোলা বড়ো, অসীম ভৱাল, মানস নন্দী, আবু বক্কৰ ছিদ্দিক, নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইফটিকাৰ হুছেইন আৰু সমাজকৰ্মী সুৰেশ বৰা আদি উপস্থিত থাকি বিভিন্ন বঁটাসমূহ বিতৰণ কৰে৷

উল্লেখ্য যে, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ কাৱৈমাৰী দলৰ ছাদিকুৰ আহমেদে লাভ কৰাৰ বিপৰীতে সৰ্বোচ্চ গ’লদাতা অনিকেট টিৱাৰী আৰু মোজাম্মিল হকে যুটীয়াভাৱে পায় ৷