হনুমান জয়ন্তী
হনুমান জয়ন্তী 
নগাঁও

নগাঁৱত হনুমান জয়ন্তী আৰু মেলা উৎসৱ আৰম্ভ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ বিগত বৰ্ষসমূহৰ দৰে নগাঁও চহৰৰ হয়বৰগাওঁ হনুমান মন্দিৰৰ উদ্যোগত এইবাৰো ৬ৰ পৰা ৯ এপ্ৰিললৈ হনুমান জয়ন্তী উৎসৱ অনুষ্ঠিত হৈছে ৷ এইবাৰ এই হনুমান জয়ন্তী উৎসৱে ৭২ বৰ্ষত ভৰি দিছে ।

বৃহস্পতিবাৰে সন্ধিয়া অসম সাহিত্য সভাৰ সভাপতি ড: সূৰ্যকান্ত হাজৰিকাই হনুমান জয়ন্তী উৎসৱৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । হনুমান জয়ন্তী উৎসৱৰ সভাপতি প্ৰহ্লাদ ৰায় তোদীৰ সভাপতিত্বত এই উপলক্ষে অনুষ্ঠিত হ’য় এক অনুষ্ঠানৰ ৷

অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰ আৰু অসম সাহিত্য সভাৰ নগাঁও-মৰিগাঁও-হোজাইৰ মাণ্ডলীক কাৰ্যালয়ৰ সম্পাদক প্ৰতাপ হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ঠগিত মহন্তৰ লগতে মাৰুৱাৰী সমাজৰ বিশিষ্ট ব্যক্তিসকলে অংশ গ্ৰহণ কৰে।

অনুষ্ঠান

দেওবাৰলৈ অনুষ্ঠিত হব লগা এই হনুমান জয়ন্তী উৎসৱৰ প্ৰতিদিনেই পুৱা-গধূলি পূজা অৰ্চনাৰ সমান্তৰালভাবে বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰম আৰু ৰামায়ণ পাঠ চলিব । হনুমান জয়ন্তী উৎসৱটি সফল কৰি তুলিবলৈ আয়োজক সমিতিৰ সম্পাদক ৰাজেন্দ্ৰ মুন্দ্ৰা আৰু সংযুক্ত সচিব অজিত মহেশ্বৰীয়ে ৰাইজক আহবান জনাইছে ।

উল্লেখযোগ্য যে কাইলৈ ৭ এপ্ৰিলৰ বিয়লি ২ বজাত নগাঁও চহৰত এক বিশাল শোভাযাত্ৰা উলিওৱা হব । আনহাতে নগাঁৱৰ সমন্বয় সাংকৃতিক গোষ্ঠীৰ উদ্যোগত ৬ এপ্ৰিলৰ পৰা নগাওঁ নেহেৰুবালিত শ্ৰী শ্ৰী হনুমান মেলা অনুষ্ঠিত হৈছে ৷

দেওবাৰলৈ অনুষ্ঠিত হব লগা এই হনুমান জয়ন্তী উৎসৱৰ প্ৰতিদিনেই পুৱা-গধূলি পূজা অৰ্চনাৰ সমান্তৰালভাবে বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰম আৰু ৰামায়ণ পাঠ চলিব । হনুমান জয়ন্তী উৎসৱটি সফল কৰি তুলিবলৈ আয়োজক সমিতিৰ সম্পাদক ৰাজেন্দ্ৰ মুন্দ্ৰা আৰু সংযুক্ত সচিব অজিত মহেশ্বৰীয়ে ৰাইজক আহবান জনাইছে ।

উল্লেখযোগ্য যে কাইলৈ ৭ এপ্ৰিলৰ বিয়লি ২ বজাত নগাঁও চহৰত এক বিশাল শোভাযাত্ৰা উলিওৱা হব । আনহাতে নগাঁৱৰ সমন্বয় সাংকৃতিক গোষ্ঠীৰ উদ্যোগত ৬ এপ্ৰিলৰ পৰা নগাওঁ নেহেৰুবালিত শ্ৰী শ্ৰী হনুমান মেলা অনুষ্ঠিত হৈছে ৷ এই মেলা ব্যৱসায় বাণিজ্যৰ বাবে মুকলি থাকিব। কেইবা বছৰ বিৰতিৰ পিছত এই বাৰ ৰ'য়েল চাৰ্কাছৰ অনুষ্ঠান উপভোগ কৰিবলৈ নগাঁৱৰ ৰাইজে সুবিধা লাভ কৰিব এই মেলাত ৷ তদুপৰি মেলাস্থলিত প্ৰতিদিনে সন্ধিয়া বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰ ঘটিব।

এই মেলা ব্যৱসায় বাণিজ্যৰ বাবে মুকলি থাকিব। কেইবা বছৰ বিৰতিৰ পিছত এই বাৰ ৰ'য়েল চাৰ্কাছৰ অনুষ্ঠান উপভোগ কৰিবলৈ নগাঁৱৰ ৰাইজে সুবিধা লাভ কৰিব এই মেলাত ৷ তদুপৰি মেলাস্থলিত প্ৰতিদিনে সন্ধিয়া বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰ ঘটিব।