নগাঁও

সূৰ্যৰ দৰে জ্যোতিষ্মান আছিল আমাৰ গুৰু শংকৰঃ গোলাব চান্দ কাটাৰিয়া

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বৃহস্পতিবাৰে বিয়লি জাতীয় সাজ পৰিধান কৰি অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হয় ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া। ভক্তপ্ৰাণ ৰাইজৰ লগতে বটদ্ৰৱা থানৰ কীৰ্তন ঘৰত শৰাই, নৈ বৈদ্য, ধূপ, বন্তি আগবঢ়াই ৰাজ্যপালগৰাকীয়ে সেৱা আগবঢ়ালে মূল গুৰু আসনৰ সন্মুখত।

ইফালে ৰাজ্যপালৰ আগমনৰ বাবে সমগ্ৰ বটদ্ৰৱা থানৰ এলেকাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলে নগাঁও জিলা প্ৰশাসনে। ৰাজ্যপালগৰাকীয়ে বটদ্ৰৱা থান দৰ্শন কৰি সাংবাদিকৰ ওচৰত নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, "গুৰু শংকৰৰ শ্ৰীচৰণত মই ভক্তিৰে প্ৰণাম নিবেদন কৰিছোঁ। সমগ্ৰ ভাৰত ভূমিত মানৱ জাতিক ঐক্যৰ বান্ধোনেৰে বান্ধি ভক্তি আন্দোলনক আগবঢ়াই নিছিল গুৰু শংকৰে। শংকৰ আছিল ভাৰতীয় মহাজীৱনৰ অৱতাৰী পুৰুষ। সূৰ্যৰ দৰে জ্যোতিষ্মান আছিল আমাৰ গুৰু শংকৰ।"