নগাঁও

নগাঁও জিলা পুথিভঁড়াল সন্থাৰ ৪১ সংখ্যক প্রতিষ্ঠা দিৱস উদ্যাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়াঃ ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ মাতৃ সংগঠন নগাঁও জিলা পুথিভঁড়াল সন্থাৰ ৪১ সংখ্যক প্রতিষ্ঠা দিৱসটি মঙলবাৰে আয়োজন কৰা হয় । আজি দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম গ্রাম্য পুথিভঁড়াল সস্থাৰ প্ৰধান কাৰ্যালয় প্রাঙ্গণত আয়োজন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱাই চাফাই অভিযান মুকলি কৰে অৱসৰপ্ৰাপ্ত ক্ষেত্ৰ প্ৰচাৰ বিষয়া অমিতাভ সেনগুপ্তাই।

পতাকা উত্তোলন কৰে নগাঁও জিলা পুথিভঁড়াল সন্থাৰ সভাপতি ফজলুল হক মৰল দেৱে। স্মৃতি তৰ্পন কৰে সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ উপ- সভাপতি শশীন্দ্ৰ দেৱ মহন্তই । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দিনৰ ১১.৩০ বজাৰ পৰা আয়োজন কৰা মুকলি সভাত সভাপতিত্ব কৰে সন্থাৰ উপ-সভাপতি শশীন্দ্র দেৱ মহন্তই ।

সভাত বিশিষ্ট অতিথি হিচাপে পুৰণিগুডাম ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° পূণ্যলতা গোহাঁই অংশ গ্ৰহণ কৰে । সভাত অংশগ্ৰহণ কৰি সহকাৰী অধ্যাপিকাগৰাকীয়ে গ্ৰন্থ অধ্যয়নৰ যোগেদি সমাজ উন্নয়ণৰ বিষয়ত বহল ভাবে ব্যাখ্যা কৰে।

সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ সভাপতি প্রতাপ হাজৰিকাদেৱে সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি পুথিভঁড়াল সমূহৰ যোগেদি যুৱ শক্তিক সৎ পথেৰে আগুৱাই যোৱাত উৎসাহিত কৰা সম্পৰ্কত বক্তৃতা আগবঢ়ায়।

ইয়াৰ উপৰিও সভাত কলংপাৰ কাকতৰ সম্পাদক ভৱেন বৰা ভাষণ প্ৰদান কৰে। নগাঁও জিলা পুথিভঁড়াল সন্থাৰ সম্পাদক ভূপেন চন্দ্ৰ নাথ দেৱে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিৰ অন্তত নগাঁও জিলাৰ ৭ টা গ্রাম্য পুথিভঁড়ালক একোটিকে গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হয়। জাতীয় সংগীতৰে সভা সামৰণি মৰা হয়।