বাঘ খেদিবলৈ গৈ বিফল বন বিভাগ ! সকলোৰে চকুত ধৰা দিয়া বাঘটো হঠাৎ হ'ল অন্তৰ্ধান....
বাঘ খেদিবলৈ গৈ বিফল বন বিভাগ ! সকলোৰে চকুত ধৰা দিয়া বাঘটো হঠাৎ হ'ল অন্তৰ্ধান.... 
নগাঁও

বাঘ খেদিবলৈ গৈ বিফল বন বিভাগ ! সকলোৰে চকুত ধৰা দিয়া বাঘটো হঠাৎ হ'ল অন্তৰ্ধান....

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কলিয়াবৰ চাহ বাগানত আশ্ৰয় গ্ৰহণ কৰা বনৰজাক বিচাৰি বন বিভাগৰ লোকে আৰম্ভ কৰিছে অভিযান। বন বিভাগৰ অভিযানকাৰী দলে দুটা হাতীৰ সহায়ত চাহ বাগিচাৰ মাজে মাজে বনৰজাক বিচাৰি চলাথ কৰিছে যদিও সন্ধান লাভ কৰা নাই।

উল্লেখ্য যে, শেহতীয়কৈ কলিয়াবৰৰ চাহ বাগিচাত কেইবাটাও বাঘৰ মুক্ত বিচৰণৰ তথ্য লাভ কৰা গৈছিল যদিও তাৰে এটা বাঘে সকলোৰে দৃষ্টি কাঢ়িছিল। এই বাঘটোৱে লাভ কৰিছিল বিশেষ চৰ্চা।

এই সন্দৰ্ভত ৰাজ্যৰ সংবাদ মাধ্যমত ধাৰাবাহিক ভাৱে বাতৰি সম্প্ৰচাৰ হৈছিল যদিও নিৰৱ হৈ আছিল বন বিভাগ। বিগত কেইবাটাও দিন বাগিচাখনত মুক্ত বিচৰণ কৰি থকা বাঘটোক বাগিচাখনৰ পৰা খেদি পঠিওৱাৰ উদ্দেশ্যে অভিযান আৰম্ভ কৰিছে।

বাঘৰ এইদৰে মুক্ত বিচৰণে কলিয়াবৰ চাহ বিগাচাখনৰ শ্ৰমিক, কৰ্মচাৰীক ভীতিগ্ৰস্ত কৰি ৰাখিছিল। বাঘৰ চিকাৰ হৈছিল কেইবাটাও পশুধন। সন্দেহ কৰা অনুসৰি এই বাাঘটো কাজিৰঙাৰ পৰা ওলাই আহিছে।

খাদ্যৰ সন্ধানত এইদৰে বনাঞ্চলৰ পৰা ওলাই অহা বাঘটোক খেদি পঠিয়াবলৈ এতিয়া বিচাৰি চলাথ কৰিবলগীয়া হৈছে। ইফালে কলিয়াবৰৰ দাঁতি কাষৰীয়া শিলঘাট অনঞ্চলত দুটা পোৱালিসহ এজনী বাঘিনী স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ খবৰ লাভ কৰা গৈছে।

আনহাতে কলিয়াবৰ বাগিচাত কেৱল এটা নহয়, কেইবাটাও বাঘে মুক্ত ভাৱে বিচৰণ কৰি আছে বুলিও একাংশই মন্তব্য কৰিছে। কিন্তু বন বিভাগে খেদিবলৈ আহি এটাও বাঘ বিচাৰি নোপোৱাত এতিয়া বিষয়টোৱে কৌতুহলৰ সৃষ্টি কৰিছে। বন বিভাগৰ লোকৰ মতে বাঘ কেইটা পুনৰ বনাঞ্চললৈ ঘূৰি গৈছে।