নগাঁৱৰ এছ পি নৱনীত মহন্তৰ ওচৰত নকল সোণ ব্যৱসায়ীৰ আত্মসমৰ্পন...
নগাঁৱৰ এছ পি নৱনীত মহন্তৰ ওচৰত নকল সোণ ব্যৱসায়ীৰ আত্মসমৰ্পন... 
নগাঁও

নগাঁৱৰ এছ পি নৱনীত মহন্তৰ ওচৰত নকল সোণ ব্যৱসায়ীৰ আত্মসমৰ্পন...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: এইবাৰ নগাঁৱত আত্মসমৰ্পন ৷ নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ ওচৰত আত্মসমৰ্পন কৰিছে একাধিক নকল সোণৰ অসাধু ব্যৱসায়ীয়ে ৷ আজি দিনৰ ভাগত চাৰিজনীয়া এটা দলে আত্মসমৰ্পন কৰে নগাঁও আৰক্ষীৰ ওচৰত ৷

আত্মসমৰ্পনকাৰী দলটোৰ মাজত আছে ৰিয়াজুল ইছলাম নামৰ এজন নকল সোণৰ ব্যৱসায়ী ৷ এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে লখিমপুৰত ৰুজু হোৱা গোচৰৰ এজাহাৰত অনলাইন যোগে ৮০ হাজাৰ টকা লেনদেনৰ সন্দৰ্ভত নাম উল্লেখ থকা ৰিয়াজুল ইছলামেই আজি আত্মসমৰ্পন কৰা নকল সোণৰ ব্যৱসায়ীজন বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷

সেয়ে ৰিয়াজুলৰ লগতে আত্মসমৰ্পনকাৰী নকল সোণৰ ব্যৱসায়ী দলটোক নগাঁও আাৰক্ষীয়ে চি আই ডিক গতাই দিছে ৷ ইফালে এই ঘটনাৰ সন্দৰ্ভত নগাঁও আৰক্ষীয়ে কোনো তথ্য সদৰি কৰা নাই যদিও নতুনকৈ যোগদান কৰা নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই নকল সোণ ব্যৱসায়ীৰ বিৰুদ্ধে জোৰদাৰ অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷