নগাঁও

সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ বৰ্দ্ধিত কাযনিৰ্বাহক সভা

Asomiya Pratidin

ডিজিটেল সংবাদ,কামপুৰ : বৃহস্পতিবাৰে নগাঁও জিলাৰ কঠীয়াতলীত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ এখন বৰ্ধিত কাৰ্যনিবাহক সভা অনুষ্ঠিত হয়। কঠীয়াতলীৰ মা মনসা বিবাহ ভৱনত অনুষ্ঠিত এই সভাখনত অসমৰ ২২খন জিলাৰ সভাপতি সম্পাদকৰ লগতে প্ৰায় শতাধিক প্ৰতিনিধি উপস্থিত থাকে।

সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থাৰ সভাপতি ৰাতুল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বহু কেইটা বিষয় সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰে। আজিৰ এই সভাখনতে বিশ্বনাথ চাৰিআলিত হ'বলগীয়া কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটিত অসমৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীক নিমন্ত্ৰন কৰাৰ সিদ্ধান্ত লয়।

লগতে ADDAৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে গুৱাহাটীত এখন যুটিয়া বৈঠক আয়োজন কৰাৰ সিদ্ধান্ত লয়। আজিৰ এই সভাখনত কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্যামল মহন, প্ৰশাসনিক সম্পাদক বিপ্লৱ বৰা , উপদেষ্টা জীৱন দাস ,প্ৰহ্লাদ মজুমদাৰ ,সম্পাদক পৱন হাজৰীকাৰ লগতে নগাঁও জিলাৰ সভাপতি জগদীশ দাস ,সম্পাদক ধনঞ্জয় দাস, নিহাৰেন্দ চন্দ্, অৰবিন্দ দাস আদি উপস্থিত থাকে।