নগাঁও

মুখ্যমন্ত্ৰীক ৰাজনৈতিক বতৰ বিজ্ঞানী আখ্যা ৰকিবুলৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ আয়ুক্ত তথা নগাঁৱৰ ৰিটাৰ্নিঙ বিষয়া আৰু একাংশ আৰক্ষী বিষয়াক লৈ সৰব হৈছে কংগ্ৰেছ। কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বৃহস্পতিবাৰে ভাৰতীয় নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়াক এই সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছে।

শুকুবাৰে নগাঁৱত প্ৰদ্যুৎ বৰদলৈয়ে এক সংবাদ মেল আয়োজন কৰি কয় যে বৃহস্পতিবাৰে মনোনয়ন দাখিলৰ সময়ত জিলা আয়ুক্ত আৰু কৰ্তব্যত নিয়োজিত আৰক্ষীয়ে পক্ষপাতিত্বমূলক আচৰণ গ্ৰহণ কৰিছিল। বিজেপিক আয়ুক্ত কাৰ্যালয়ত প্ৰৱেশত বাধা নিদি কংগ্ৰেছক বাধা দিয়া হৈছিল। বিধায়ক ৰকিবুল হুছেইনক মনোনয়ন প্ৰদানৰ সময়ত প্ৰৱেশত বাধা দিয়াৰ পৰিবৰ্তে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামক আয়ুক্ত কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া নাছিল। বৃহস্পতিবাৰে আমিনুলৰ প্ৰৱেশৰ কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মা আয়ুক্ত কাৰ্যালয়ত প্ৰৱেশ কৰিছিল। তেওঁলোকক বাধা নিদিয়াক লৈ অভিযোগ উত্থাপন কৰিছে। সংবাদমেলত প্ৰদ্যুৎ বৰদলৈয়ে বিভিন্ন স্থানত কংগ্ৰেছ কৰ্মীৰ ওপৰত আৰক্ষীয়ে অত্যাচাৰ চলোৱাৰ অভিযোগো উত্থাপন কৰে।

সংবাদমেলত অংশ লৈ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিক বতৰ বিজ্ঞানী বুলি অভিহিত কৰি কয় যে হিমন্তই আগতীয়াকৈ প্ৰদ্যুৎ বৰদলৈ জিকাটো গম পায় ৰঙা চকু দেখুৱাইছে। কংগ্ৰছ কৰ্মীৰ ওপৰত কেছ জাপি দিছে। বিভিন্ন থানাই নীতি বহিভূতভাৱে কাম কৰি আছে । সংবাদ মেলখনিত বিধায়ক নুৰুল হুদা , শিবামণি বৰবৰাও উপস্থিত থাকে ।