ঈদৰ নামাজ
ঈদৰ নামাজ 
নগাঁও

নগাঁৱৰ কচুৱাৰ শিমলুগুৰি আঞ্চলিক ঈদগাহটো ঈদৰ নামাজ সমাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-ফিটৰ। সম্পূৰ্ণ এটা মাহ উপবাস থাকি ৰোজা পালন কৰাৰ পাছত শনিবাৰে সকলো ইছলাম ধৰ্মাৱলম্বী লোকে উলহ-মালহেৰে উদযাপন কৰিছে পৱিত্ৰ ঈদ।

আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ অধিকাংশ দেশে পালন কৰিছে এই পৱিত্ৰ ঈদ-উল-ফিটৰ। শনিবাৰে এই উপলক্ষে নগাঁও জিলাতো ঈদ পালন কৰাৰ লগতে কচুৱাৰ শিমলুগুৰী আঞ্চলিক ঈদগাহ ময়দানত শিমলুগুৰী আঞ্চলিক ৰাইজ একত্ৰিত হৈ সমূহীয়াভাৱে ঈদৰ নামাজ সমাপন কৰে।

নামাজ

উক্ত সমূহীয়া নামাজৰ ইমামতি কৰে হাজী মতিউৰ ৰহমান মৌলানাই । নামাজৰ পূৰ্বে ইমামগৰাকীয়ে উপস্থিত ৰাইজক সম্বোধন কৰা সৰ্বধৰ্মৰ মাজত ঐক্য, শান্তি, সদভাৱনা আৰু একতাৰ ওপৰত তত্বগধুৰ বক্তব্য আগবঢ়ায়।

নামাজৰ শেষত বিশ্ব শান্তিৰ বাবে নেদেখা জনৰ ওচৰত দোৱা-প্ৰাৰ্থনা জনাই।ঈদৰ দিনটোত সকলোৱে আনন্দ উল্লাখত ভাগ লোৱা পৰিলক্ষিত হৈছে ।