নগাঁও

কঠীয়াতলী ঈদগাহত পবিত্ৰ ঈদ উল ফিতৰ পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ আজি পবিত্ৰ ঈদ উল ফিতৰ। এমাহজোৰা ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোক সকলে আজি উলহ মালহেৰে পবিত্ৰ ঈদ উল ফিতৰ পালন কৰিছে। আজিৰ পুৱাৰ পৰা প্ৰবিত্ৰ ঈদৰ নামাজ গ্ৰহণৰ বাবে ঈদগাহ সমূহত বহু সংখ্যক ইছলাম ধৰ্মীয় লোকৰ সমাগম ঘটে।

আন আন ঠাইৰ লগতে নগাঁও জিলাৰ বিভিন্ন ঠাইতো ঈদ পালন কৰা হৈছে । নগাঁও জিলাৰ কঠীয়াতলী অঞ্চলৰ দুই ঈদগাহ ক্ৰমে নিজকঠীয়াতলী অঞ্চলিক ঈদগাহ আৰু ৰাঙলু আঞ্চলিক ঈদগাহত পুৱাৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে। উল্লেখ যে নিজকঠীয়াতলী ঈদগাহত প্ৰতিবছৰৰ দৰে এইবেলিও ঈদৰ নামাজত হিন্দলোকেও অংশ লোৱাৰ পৰিলক্ষিত হয়।