নগাঁও

বটদ্ৰৱা থানাৰ আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছ : আটক সৰবৰাহকাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰী গাঁৱৰ পৰা সোমবাৰে ৩জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়। বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত বাটমাৰীৰ মুকসিদুল ইছলাম (৩০বছৰ), ৰজাকুল ইছলাম (২৬বছৰ), মাইনুদ্দিন (৪৫ বছৰ) নামৰ ৩জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।

অভিযানৰ সময়ত সৰবৰাহকাৰীৰ হাতৰ পৰা হেৰ'ইন ভৰ্তি ১৪ টা ধঁপাতৰ পাত্ৰ আৰু ৪ টা প্লাষ্টিকৰ পাত্ৰৰ লগতে ৫ টা খালী ধঁপাতৰ পাত্ৰ উদ্ধাৰ কৰে। বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

ইফালে আজি অন্য এটা তথ্যৰ ভিত্তিত চলোৱা অভিযানত আৰক্ষীয়ে দুটা জুৱাৰী আটক কৰে। আৰক্ষীয়ে বটদ্ৰৱা থানাৰ অন্তৰ্গত কদমণিৰ আবু দৌত (৪৪) আৰু ৰামপুৰ সত্ৰৰ চফিকুল ইছলাম (৩৪) নামৰ দুই জুৱাৰীক আটক কৰে। উক্ত জুৱাৰী দুটাই ৰামপুৰ সত্ৰৰ মুকলি পথাৰত জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে হাতে-লোটে আটক কৰে। লগতে আৰক্ষীয়ে জুৱা খেলত ব্যৱহাৰ কৰা প্লেইং কাৰ্ডৰ পেকেট আৰু নগদ ধন উদ্ধাৰ কৰে।