নগাঁও

নগাঁৱত আয়ুষ্মান আৰোগ্য যোঁজনাৰ কাৰ্ড বিতৰণ...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA)ৰ অধীনত ৰেচন কাৰ্ডপ্ৰাপ্ত নগাঁও সদৰ বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে আয়ুষ্মান-ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান-অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড বিতৰণ কৰা হয় । শনিবাৰে জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত এই কাৰ্ডসমূহৰ বিতৰণ কৰা হয় । আজিৰ সভাত আদৰণি ভাষণ আগবঢ়াই জিলা উন্নয়ন আয়ুক্ত সত্যজিৎ চেতিয়াই ।

সভাত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে নিজৰ ভাষণত জিলাখনৰ এই কাৰ্ডৰ হিতাধিকাৰী সকলে চিকিৎসা ক্ষেত্ৰত লাভ কৰিবলগীয়া সুবিধা সমূহৰ বিষয়ে সভাত অৱগত কৰে । আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা ।

বিধায়কগৰাকীয়ে ভাষণ প্ৰদান কৰি কয় যে বর্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনে দৰিদ্ৰ জনসাধাৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত বক্তব্য আগবঢ়াই । উল্লেখযোগ্য যে এই সভাতে নগাঁও সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয় ।

কাৰ্ড বিতৰণ অনুষ্ঠানত নগাওঁ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰূপ জ্যোতি মহন্ত, নগাওঁ পৌৰ-সভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ, নগাওঁ উন্নয়ণ প্ৰাধিকৰণৰ ভাপতি ধ্ৰুৱ জ্যোতি শর্মাকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে এই কাৰ্ডৰ হিতাধিকাৰীসকল আৰু বহুসংখ্যক ৰাইজ উপস্থিত থাকে ।