নগাঁও

শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত সাঁচিপতীয়া পুথিৰ ডিজিটেল প্ৰতিচ্ছবিৰ ব্যৱস্থা

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ মধ্যযুগীয় অসমত ব্যৱহৃত মূল লেখন সামগ্ৰী আছিল সাঁচিপাত। মূলতঃ এইবোৰ আছিল হাতেলিখা পুথি (manuscript)। ঐতিহাসিক দৃষ্টিকোণৰে সাঁচিপাতৰ পুথিসমূহ অসমীয়া জাতিৰ বাবে অমূল্য সম্পদ।

খ্ৰীষ্টীয় ১৫-১৬ শতিকাত মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ আৰু তেওঁলোকৰ অনুগামীসকলৰ তত্ত্বাৱধানত অসমৰ চুকে-কোণে সিঁচৰিত হৈ থকা সত্ৰসমূত বিভিন্ন ধৰ্মপুথি, চৰিতপুথি আদিৰ ব্যপক হাৰত প্ৰচলিত হৈ পৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ সময়ৰ অমূল্য সাহিত্য সম্ভাৰেৰে ভৰপূৰ ৫ শতাধিক সাঁচিপতীয়া পুথি বৰ্তমানেও সংৰক্ষিত হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত।

বাগ্মীবৰ ককা নীলমণি ফুকন, মহেশ্বৰ নেওগ, যগেশ্বৰ শৰ্মা, হৰেশ্বৰ গোস্বামী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ পূৰ্ন চন্দ্ৰ দেৱ গোস্বামীৰ, শ'লগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ মহেন্দ্ৰ চন্দ্ৰ দেৱ মহন্ত, ড০ নৰেন কলিতা, কমল বৰাকে আদি কৰি স্বনামধন্য ব্যক্তিসকলৰ প্ৰচেষ্টাত ১৯৭৪ চনত প্ৰতিষ্ঠা লাভ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানে। প্ৰচেষ্টাৰ পৰৱৰ্তী কালত শ্ৰীমন্ত গৱেষণা কেন্দ্ৰ হ'ল ৭৮টা।

এই আপুৰুগীয়া সম্পদ সাঁচিপতীয়া পুথিসমূহৰ ডিজিটেল প্ৰতিচ্ছবি (digitization) কৰি সংৰক্ষণৰ ব্যৱস্থা আৰম্ভ হৈছে। নতুন প্ৰজন্মই মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ তথা বৈষ্ণৱ যুগৰ সাহিত্য সংস্কৃতি অধ্যয়ন, চৰ্চাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা হৈছে এই ব্যৱস্থা। শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সভাপতি, বৈষ্ণৱ পণ্ডিত ড০ নৰেন কলিতাৰ তত্বাৱধানত অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ উদ্যোগত চলি আছে সাঁচিপতীয়া পুথি ডিজিটাইজেশ্বন ব্যৱস্থা।