নগাঁৱত দেৱকান্ত বৰুৱা সোঁৱৰণী অনুষ্ঠান

দেৱকান্ত বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতীয়ে

author-image
Asomiya Pratidin
New Update
নগাঁৱত দেৱকান্ত বৰুৱা সোঁৱৰণী অনুষ্ঠান

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত বুধবাৰে নগাঁৱৰ ফৌজদাৰিপট্টিত দেৱকান্ত বৰুৱা সোঁৱৰণী অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। সভাৰ আৰম্ভণিতে দেৱকান্ত বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতীয়ে।

Advertisment

নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে বিশিষ্ট কবি ডা০ প্ৰয়াগ শইকীয়া,নগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি অশোকৰাম ভট্টাচাৰ্য,শশী কেওট,কঠীয়াতলী আঞ্চলিক কবি সন্মিলনৰ সভাপতি অতুল চন্দ্ৰ কাকতীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি। দেৱকান্ত বৰুৱাই সমাজ আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়াই যোৱা অৱদান সন্দৰ্ভত সুন্দৰ বক্তব্য ৰাখে বিশিষ্ট কবি ডা০ প্ৰয়াগ শইকীয়া,বিশিষ্ট কবি মদাৰজ্যোতি আৰু অতুল চন্দ্ৰ কাকতীয়ে।

অনুষ্ঠানটিৰ আঁত ধৰে নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণে। সোঁৱৰণী অনুষ্ঠানটিত কবিতা পাঠ কৰে কবি ক্ৰমে ৰমাকান্ত শৰ্মা,ডা০ প্ৰয়াগ শইকীয়া, আমিৰুল নাজিম,স্বপ্না দেৱী,শিখা ৰাণী শইকীয়া পাঠক,সঞ্জীৱ কুমাৰ বৰা,বৰ্ণালী ডেকা,মধু চৌধুৰী,ধৰ্মেশ্বৰ বৰা,শশী কেওট,দ্বিজেন্দ্ৰ নাথ হাজৰিকা,গুণ কাকতী,মদাৰজ্যোতি,অশোকৰাম ভট্টাচাৰ্য,লখিমী মহন্ত,জয়ন্ত কুমাৰ দাস,তুলিকা দেৱী, আশা বৰা মন,ৰিনী কাকতী বৰা,ড°ৰূবা ফুকন,খৰ্গেশ্বৰ বৰা,অঞ্জনা শইকীয়া,হাইছ উদ্দিন আহমেদকে ধৰি ডেৰকুৰি কবিয়ে।

কবিতা পাঠ অনুষ্ঠানৰ সামৰণিৰ পাছতেই সদৌ অসম কবি সন্মিলনৰ কাব্য মন্ত্ৰৰে অনুষ্ঠানৰ সামৰণি পৰে।

Also Read: বাক্সাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ উপস্থিতিত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত পলিচি প্ৰদান

poem meeting