নগাঁও

জোনমণি ৰাভাৰ আকস্মিক মৃত্যু, শেষ হ'ল এটি সম্ভাৱনাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে আৰক্ষী বিষয়া জোনমণি ৰাভাই ৷ নগাঁও চহৰৰ মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল জোনমণি ৰাভা ৷ নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত হোৱা এক পথ দুৰ্ঘটনাত নিহত হয় আৰক্ষী বিষয়াগৰাকী ৷

মঙলবাৰে পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ নিশা প্ৰায় দুই বজাত এখন ট্ৰাকৰ সৈতে জোনমণি ৰাভাই চলোৱা চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ হোৱাত শোকাৱহ ঘটনাটো সংঘটিত হয় ৷ ঘটনাস্থলীতে নিহত হয় উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৷

জোনমনি ৰাভাই এ এছ ০১ ই এন ৭২৭৩ নম্বৰৰ নিজৰ মাৰুতী বাহনখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী ইউ পি ৭৮ ইউ টি ৪৫১৮ নম্বৰৰ কন্টেইনাৰ ট্ৰাকত পুৱতি নিশা ২ বজাত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতেই ঘটনাস্থলীতে মৃত্যু হয় উপ-পৰিদৰ্শকগৰাকীৰ।

নিহত এছ আই জোনমণি ৰাভা এগৰাকী সাহসী আৰক্ষী বিষয়া আছিল ৷ নগাঁও আৰক্ষীৰ একাধিক সফল অভিযানৰ আঁৰত আছিল জোনমণি ৰাভা ৷ ড্ৰাগছ ব্যৱসায়ীৰ বাবে আতংকৰ কাৰণ হৈ পৰিছিল এছ আই জোনমণি ৰাভা ৷

জখলাবন্ধাৰ পৰা বিষয়াগৰাকীৰ মৃতদেহটো নগাঁৱত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি কৰ্মৰত আৰক্ষী চকীলৈ লৈ যোৱা হয় ৷ ইয়াৰ পিছতেই উপ-পৰিদৰ্শকগৰাকীৰ মৃতদেহ বাসগৃহলৈ লৈ যোৱা হয় । স্বগৃহলৈ উপ-পৰিদৰ্শকগৰাকীৰ মৃতদেহ লৈ যোৱাৰ পিছতেই অন্তিম সংস্কাৰ কৰা হ'ব । উল্লেখ্য যে, নিহত ৰাভাৰ ঘৰ গোৱালপাৰাত ৷